দিব্যাংগৰ শিক্ষা আৰু কৰ্মসংস্থাপন~অনুভৱ-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
৩ ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে প্ৰতিবছৰে আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান চৰকাৰী আৰু বেচৰকাৰী ভাবে আয়োজন কৰা দেখা যায়৷ চলিত বৰ্ষত ক’ৰ’না অতিমাৰীৰ বাবে তেনে কোনো অনুষ্ঠান উদ্‌যাপন কৰা হয়তো নহ'ব । দিব্যাংগসকলৰ শিক্ষাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি লৈছে কিন্তু আঁচনিৰ সুফল কিমানে পাইছে সেইয়া কিছু ৰহস্যৰ আৱৰ্তত ৷ অৱশ্যে এই ক্ষেত্ৰত অকল চৰকাৰ বা চৰকাৰী বিভাগক দোষ দিলেই নহ'ব, দিব্যাংগ লোকৰ অভিভাৱক আৰু সাধাৰণ ৰাইজৰ এই ক্ষেত্ৰত সজাগতাৰ বহু অভাৱ ৷ শিক্ষাৰ অধিকাৰ আইনৰ অধীনত বিশেষভাৱে সক্ষম শিশুসকলৰ সাধাৰণ শিশুৰ লগত একেলগে শিক্ষা লাভ কৰাৰ অধিকাৰ আছে ৷ সেইমতে বহু চৰকাৰী বিদ্যালয়ত এনে শিশুৱে নামভৰ্ত্তি কৰে, কিছুৱে বিদ্যালয়ত যায় যদিওঁ বেছিভাগেই আধাতে স্কুল বাদ দিয়ে ৷ বহু অভিভাৱকে স্কুলত নাম লগাই দিবও নিবিচাৰে দিব্যাংগ শিশুক ৷ ইয়াৰ কিছু কাৰণ নথকা নহয় ৷ এনে শিশুৰ লগত এজন সহায়কাৰীৰ নিতান্তই প্ৰয়োজন হয়, বহু পৰিয়ালত লগত যাব পৰা মানুহ নথকাৰ বাবে কাগজে কলমে স্কুলত নাম লিখা থাকিলেও বহু দিব্যাংগই স্কুল নাযায় ৷ তাতকৈ ডাঙৰ কথা বাধাগ্ৰস্ততাৰ প্ৰকাৰ আৰু অৱস্থা ভেদে সকলোৰে শিকণ প্ৰণালী ভিন্ন ৷ সাধাৰণ স্কুলত একেজন শিক্ষকে অন্য শিশুৰ লগত দিব্যাংগ সকলৰ যত্ন লোৱাত অসুবিধা হয় ৷ বিভাগীয় প্ৰশিক্ষণ দিয়া হয় যদিও, অতি কমদিনীয়া এনে প্ৰশিক্ষণত ইমান গভীৰ আৰু স্পৰ্শকাতৰ বিষয় এটা আয়ত্ত কৰা সম্ভৱ নহয় ৷ শিক্ষা যিহেতু আজিৰ তাৰিখত অতি জৰুৰী গতিকে দিব্যাংগ সকলৰ শিক্ষাৰ বাবেও চৰকাৰী উদ্যোগত কিছু বিকল্প চিন্তাৰ থল আছে ৷ কিছু বছৰ আগলৈ সৰ্বশিক্ষাৰ অধীনত প্ৰতিবন্ধী শিশুৰ শিক্ষাৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱক শিক্ষাখণ্ডৰ অধীনত নিয়োজিত আছিল আৰু সমল শিক্ষকসকলে তেওঁলোকৰ কামত সহযোগ কৰিছিল ৷ পৰৱৰ্তী সময়ত স্বেচ্ছাসেৱক সকলক চাকৰিৰ পৰা অব্যাহতি দিয়া হয় ৷ তেতিয়াৰ পৰাই দিব্যাংগসকলৰ সমস্যা বৃদ্ধি হোৱা বুলি আমি ভাবোঁ ৷ এইসকল শিশুৰ শিক্ষাৰ বাবে বিদ্যালয়ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ বিকল্প নাই ৷ স্কুলৰ লগতে যিসকলক স্কুললৈ আনিব নোৱাৰি তেওঁলোকক ঘৰত গৈ এনে শিক্ষকে সহায় কৰিব পাৰিব ৷ প্ৰতিখন স্কুলত সম্ভৱ নহলেও অন্তত পাঁচখন দিব্যাংগই অধ্যয়ন কৰা স্কুলৰ মাজত এজন বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়াৰ কথা চিন্তা কৰিব পাৰে ৷ ইয়াৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত বিষয়টো হৈছে দিব্যাংগৰ কৰ্মসংস্থাপন ৷ বিভিন্ন বিভাগত এনে লোকৰ বাবে পদ থাকে যদিও উপযুক্ত শিক্ষাগত অৰ্হতা থকা লোকৰ অভাৱত পদসমূহ খালী হৈ থাকে বুলি শুনিবলৈ পাওঁ ৷ লগতে এনে অভিযোগো আছে যে অৰ্হতাসম্পন্ন দিব্যাংগও বহুক্ষেত্ৰত এনেবোৰ সুবিধা নাপায় ৷ নিয়োগ বিনিময় কেন্দ্ৰসমূহৰ জৰিয়তে উচিত পদক্ষেপ  ল'লে নিশ্চয় দিব্যাংগসকলৰ সুবিধা হব ৷ বেচৰকাৰী প্ৰতিষ্ঠানবোৰতো অৰ্হতা ভিত্তিত এনে লোকক সংস্থাপন দিয়া বিষয়টোত সকলোৱে অকণমান চকু ৰাখিলে নিশ্চয় দিব্যাংগসকলৰ অন্য লোকৰ দৰেই জীয়াই থকাৰ এটা সুস্থ পৰিৱেশ গঢ় লৈ উঠিব ৷ যিসকলৰ পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰাৰ সামৰ্থ নাই, তেখেতসকলক স্ব নিয়োজনৰ বাট মোকলাব   পৰা‌কৈ ভিন্ন হাতৰ   কামৰ প্ৰশিক্ষণৰ ব্যৱস্থা চৰকাৰী উদ্যোগত হ’ব লাগে ৷ দিব্যাংগসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চায়ত পৰ্যায়ত এনে কাম কৰিব পাৰিলেহে পেটৰ তাড়নাত বাটে পথে গান গাই মাননি লোৱা বা ৰেল বাছত ভিক্ষা খুজিব লগা হোৱা চিনাকী ছবিখন নোহোৱা হ'ব আৰু সঁচা অৰ্থত প্ৰতিবন্ধী দিৱসৰ উদ্দেশ্য সফল হ’ব ৷ অতিমাৰীৰ এই সময়চোৱাত দিব্যাংগসকল বিভিন্ন আহুকালৰ সন্মুখীন হৈছে ৷ এই বিশেষ দিনটোত আশা ৰাখিছোঁ চৰকাৰী আঁচনিৰ অধীনত পাব লগা তেওঁলোকৰ প্ৰাপ্যবোৰ সময়মতে পাব ৷

✍️ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)