শীতৰ ক'লাজ~অণুগল্প-অৰুণিমা ভট্টাচাৰ্য্য

  পুৱাৰ এচেৰঙা ৰ'দালিয়ে তেওঁক চুই গ'ল।

   হেঁপাহৰ আঁচোৰ লগা পুৰণি কম্বলখন ৰ'দাবলৈ লৈ তেওঁ ঘূৰি গ'ল অতীতলৈ।

   মানুহজনী থকা হ'লে অভিমানৰে ক'লেহেঁতেন,"আপুনি যে আৰু..এইকণ সহায়ো কৰিব নোৱাৰেনে?"

     ৰ'দৰ স'তে অহা শীতৰ বতাহজাকে তেওঁক বিবৰ্ণ কৰি গ'ল।
         
✍️অভিনন্দন ভট্টাচাৰ্য্য।
বৰপেটাৰোড, বৰপেটা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send