অবিনাশী মই-পূৰৱী তালুকদাৰ

"ভ্ৰষ্টাচাৰ মুৰ্দাবাদ, ভ্ৰষ্টাচাৰ ....."
ধ্বনিৰে আকাশ কপোৱা
কাৰাগাৰত আবদ্ধ কৰি
কলমৰ ধাৰেৰে দুচেৱা কৰা
তথাপি বিৰিঙি নুঠে
এটুপি ৰঙা তেজ ।

তুমি উভালি পেলাবা
কেঞাবনৰ দৰে পুনৰ জী উঠিম ,
একৰ পৰা একশ
একশৰ পৰা হাজাৰ
হাজাৰৰ পৰা...........।

নিলাজ, সুবিধাবাদী মই
কুৰুকি কুৰুকি সোমাম অলক্ষিতে
তোমাৰেই প্ৰতিটোপাল তেজত ।
পূৰ্ণ হ'ব বিলাসী আকাংক্ষা
ডিঙিত শুৱাব ফুলৰ মালা ।

অবিৰত যাত্ৰা মোৰ..........
মেজৰ তলেৰে,খাকী ৰং, গান্ধী টুপী ,
ধৱল পোছাকৰ আৰেৰে 
তোমাৰ পৰা তেওঁলৈ,
তেওঁৰ পৰা তেওঁলোকলৈ............ ।
       
✍️পূৰৱী তালুকদাৰ 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send