সেই দিনাও আহিছিল বসন্ত,
তুমি আহিবা বুলি,
বুকুত আছিল ভাল পোৱা অফুৰন্ত।
তুমি আহিবা বুলি,
আনিছিলোঁ ফুল গোলাপ ,তগৰ , জৱা আৰু কৃষ্ণ চূড়া।
লিখিছিলোঁ গান কবিতা আৰু প্ৰেমৰ কাহিনী,
তথাপি তুমি নাহিলা, ভাল পোৱা দিবলৈ,
আজিও তুমি জানি লোৱা,
নিদিয়া, তুমি ভাল পোৱা।
তথাপি, আৰু একো নিবিছাৰোঁ মই,
হাঁহি মুখে দুখ কষ্টৰ চকুপানী।
জানো তুমি আহিবা, এদিন আকৌ উভতি,
হৃদয়ৰ এটি কোণত,
তোমাক ৰাখিছোঁ সযতনে।
নাজানোঁ ,কাৰ ভূলৰ বাবে হৈছিলে,
তাতকৈ বেছি মোক কৰিলা দুখী।
এনেকুৱা সুন্দৰ কাহিনী,
ইয়াৰ আগতে মই কতো, দেখা নাই,
আৰু অভিমান নকৰিবা তুমি।
মাথোঁ ভালে থাকিবা তুমি,
মনত ৰাখিবা তুমি।
দুখ, কষ্টবোৰ আঁতৰ কৰি,
সপোন, বোৰ পূৰণ কৰা,
তথাপি আছোঁ তোমাৰ অপেক্ষাত।
✍️সুমন্ত নায়ক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ