পৰিৱৰ্তিত ছবি~অণুগল্প-অংশুমান ভূঞা

     ২৫ বছৰ আগতে গৰিমাই গিৰীয়েকৰ কাৰ্যালয়ত দৰকাৰ হোৱা বাবে যুগ্ম ফটো উঠিবলৈ ওচৰৰ খুৰীয়েকৰ পৰা কাপোৰ এযোৰ আনি চহৰৰ ষ্টুডিঅ'লৈ গৈ ফটো উঠিছিল।
     ২৫ বছৰ পিছত গৰিমাই দেখিবলৈ পাইছে জীয়েক সীমন্তিকাই অনলাইনত নতুন নতুন কাপোৰ সঘনাই মগাই আনি থাকে। পিছে এদিন পিন্ধি ফেচবুক,হোৱাটচ এপত ষ্টেটাছ দিয়াৰ পাছত আৰু দুনাই সেইযোৰ পিন্ধা নেদেখে।

✍️অংশুমান ভূঞা
চামতা,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send