স্ত্ৰীক কেতিয়া সহধৰ্মিনী কোৱা হয় ? প্ৰেম , বিবাহ ,কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, স্বামী বিবেকানন্দ লগতে মোৰ ভাৱনা ~অনুভৱ- আহিদুল ইচলাম (আহাদ)

এই সংসাৰত আহিছোঁ আৰু বিদায়ো লব লাগিব এদিন। হয়তো কোনোবা দুদিন আগত বা পাছত। এই পৃথিৱীত আমি ঋণী । আমি ঋণী মা-দেউতাৰ ওচৰত , মা দেউতা তেওঁলোকৰ মা দেউতাৰ ওচৰত ঋণী। এনেকৈ আমি আমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত ঋণী। সেই ঋণ পৰিশোধ কৰিবলৈ হ'লে সন্তান আদি জন্ম দিয়াৰ দৰকাৰ। এই সন্তান জন্ম দিয়া প্ৰক্ৰিয়া এইটো এটা স্বাভাৱিক বিষয় নহয়, এইটো এটা ধৰ্ম । আমি ঋণ কৰিম পৰিশোধ নকৰিম , তেনেহলে আমি নৰকতো শান্তি নাপাম , আমাৰ মুখ দৰ্শন কৰাও পাপ কাৰণ আমি ঋণী। সেই কাৰণে সন্তান জন্ম দিয়া ধৰ্মৰ কাম। সেই সুস্থ ধৰ্ম পালন কৰিবলৈ হ'লে আমাৰ স্ত্ৰীৰ দৰকাৰ হয়। কিন্তু এটা কথা যিজনৰ অন্তৰত তীব্ৰ বৈৰাগ্য উদয় হয়, তেওঁৰ ক্ষেত্ৰত নিয়ম-কানুন বেলেগ। তোমাৰ বৈৰাগ্য ভাৱ নাই অথচ স্ত্ৰী গ্ৰহণ কৰা নাই এইটো ঠিক নহয়। শাস্ত্ৰৰ বিধান অনুযায়ী ধৰ্ম কৰিব লগিবই স্ত্ৰী গ্ৰহণ কৰিব লাগিব। এই ধৰ্ম পালনৰ সহায় কৰে কাৰণে স্ত্ৰীক সহধৰ্মিনী বুলি কোৱা হয়। স্ত্ৰীক কিয় সহধৰ্মিনী বুলি কোৱা হয়?

'' মই যি ধৰ্ম পালন কৰিম সেই ধৰ্মত সহযোগিতা আগবঢ়াব কাৰণে মই বিবাহ পাশত আৱদ্ধ হৈছোঁ। কাৰণ নাৰীৰ কোনো ধৰ্ম নাই বিবাহৰ পাছত স্বামীয়ে যি ধৰ্ম পালন কৰিব সেইটো স্ত্ৰীৰ ধৰ্ম। এই কথাটো আমাৰ সকলোৰে অনুসৰণ কৰিব লাগিব ন'হলে বিবাহ কৰাৰ কোনো অৰ্থ নাথাকিব। যদি আমি মনলৈ আনো বিবাহ দুটি শাৰীৰিক খেল তেনেহলে অত্যন্ত দুখ জনক হ'ব। দেহটো বৰ ডাঙৰ বস্তু নহয়, এই মনটো বৰ ডাঙৰ বস্তু। এজনে আনজনক পৰস্পৰে পৰস্পৰৰ হওক। মোৰ যি হৃদয় তোমাৰ হৃদয়টো একেই হওক। এজনে আনজনৰ হৃদয়ৰ আদান প্ৰদান কৰাই হৈছে পৰিণয় যাক প্ৰণয় বুলি কোৱা হয়। প্ৰণয় মানে হ'ল দুটি হৃদয়ৰ মিলন।
ব্ৰহ্মপুত্ৰ ভেলী কনিষ্ঠ মহাবিদ্যালয় আলোচনী, তৃতীয় সংখ্যা- ২০১৭-১৮ ত প্ৰকাশিত মোৰ এটি কবিতা তলত উল্লেখ কৰা হ'ল। মই তেতিয়া উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ।
কবিতাৰ শিৰোনাম

প্ৰেম নো কি?
______________________
সৃষ্টিৰ এক আকৰ্ষণ ইয়েই হৈছে প্ৰেম!
ভালপোৱাৰ পৰাই প্ৰেমৰ হয় সৃষ্টি,
জীৱনত দুটা সত্যই বিশেষ উল্লেখনীয়
এটা ক্ৰোধ আনটো আকৰ্ষণ বিকৰ্ষণ

কেৱল মানুহৰ জীৱনৰ নহয়
সমগ্ৰ জীৱ প্ৰকৃতি জগততো 
অহৰহ চলিব ধৰিছে, প্ৰেমৰ লীলা
প্ৰেমাকুল হৈ একে ঠাইতে.....

প্ৰেমৰ হয়তো প্ৰাণীভেদে
প্ৰকাৰ ভেদে ভিন _ভিন হ'ব পাৰে
চাওঁক চৰাইৰ বাবে বৰ্ষাৰ
ৰিমঝিম কণিকাই প্ৰেম।

পৃথিৱী আৰু সূৰ্যৰ মাজত
মাধ্যাকৰ্ষণৰ শক্তিয়েই প্ৰেম
লিখক আৰু পাঠকৰ মাজত
কলীয়া বৰ্ণমালা কেইটাই প্ৰেম।

প্ৰেমত নিমজ্জিত হয় প্ৰতিদানৰ
আশাত , কেতিয়াও নহয়
অস্বাভাৱিক পুৰুষে নাৰীৰ প্ৰতি
কেতিয়াও দৃষ্টি নিক্ষেপ নকৰে!

বয়সৰ অনুপাতে মানৱ জীৱন লৈ
প্ৰেম আহে!
প্ৰেম নো কি?
প্ৰেম হ'ল এক চিৰন্তন প্ৰৱাহ  
_______________
""আজি কালি বহুজনে ভাৱে প্ৰেম মানে পাৰ্কত গৈ এজনৰ বুকুত মূৰ থৈ নিদ্ৰা যোৱা 
নে ধাবা ত গৈ নিমখ দি বাদাম ভজা খোৱা "" 
সেইটো নহয় প্ৰেম, সঁচা অন্তৰৰ দুটি মনৰ মিলনক প্ৰেম বুলি কোৱা হয় ( কপটতাহীন দুটি মনৰ মিলনেই প্ৰেম) আপোনাৰ মনত যদি কপটতা থাকে তেনেহলে আপোনাক অনুৰোধ কৰিছোঁ আপুনি প্ৰেমৰ ৰাজ্যত নাহিব ............. কপটতা ভাৱ লৈ প্ৰেম কৰিলে সেই প্ৰেমৰ সঠিক ৰস আচ্ছাদিত নহ'ব।
"" ধ্বংসৰ কাৰণ উপস্থিত হোৱা সত্ত্বেও কিন্তু ধ্বংস নহ'ল এনে দুটি ভাৱ বন্ধনৰ নামেই হল প্ৰেম। দুটি মনৰ ভাৱ বন্ধনেই প্ৰেম, দুটি সমাজক একেলগ কৰি দুটি মনৰ মিলন ঘটোৱাই পৱিত্ৰ বন্ধনত আবদ্ধ হোৱাকেই বিবাহ বন্ধন বোলে।
এইক্ষেত্ৰত আৰু এটি কথা আমাৰ জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনৰ মাজত দুটা পাৰ্থক্য দেখা যায় শঙ্কৰদেৱ উদাৰ আৰু মাধৱদেৱ গভীৰ।
শঙ্কৰদেৱ মুক্তিৰ যাত্ৰাত জীৱনৰ আনুসঙ্গিক কাৰ্য বিলাক বাদ দিয়া নাছিল , সমাজৰ সকলো দিশতে উন্নতিৰ চিন্তা কৰিছিল । মানৱ আৰু মানৱ সমাজৰ সৰ্বাঙ্গীন উন্নতি কল্পে ।
কিন্তু মাধৱদেৱ _____ গৃহ সংসাৰ সকলো ত্যাগ কৰি প্ৰকৃত যি সত্য যাৰ সহায়ত আমাৰ আত্মাক মুক্তি দিব পাৰি সেই সাৰ পদাৰ্থৰ একানপতীয়া সেৱা।

বিবাহ কিন্তু পুতলা খেল নহয়, খেলিব মন নগ'ল ইচ্ছা নহ'ল পেলাই দিলোঁ , কাগজ কলমত চহী কৰি মন্দিৰ বা মছজিদত গৈ চাৰি কলিমা বা সেন্দুৰক সাক্ষী কৰি বিবাহ কৰা এইটো নহয় ,মালা সলাই দুদিন পিছতে কাজিয়া এইটো আদৰ্শ নহয়..........
ঋষি মুনি সকলে কৈছে  
" হৃদয়ৰ বন্ধন আৰু তাৰ লগতে ধৰ্মৰ যোগাযোগ "। ধৰ্মৰ যোগাযোগ যি বিবাহত নাই সেই বিবাহ বিচ্ছেদ হ'ব, অশান্তি দেখা দিব । 
যিহেতু এই লিখনিত প্ৰেম বিবাহ লৈ আলোচনা আৰম্ভ হৈ আছে তেনে মূহুৰ্তত দুজন ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব
সেই দুজন ব্যক্তি অইন কোনো নহয় কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দ যেতিয়ালৈ বিবেকান্দ হোৱা নাছিল তেওঁৰ নাম আছিল মাথোঁ নৰেন্দ্ৰ নাথ দত্ত। ঠাকুৰৰ ওচৰত যেতিয়া তেওঁ গান গোৱা শিকিছিল ,সেই গানবোৰ আছিল বিবাহৰ গান (বিয়া গীত) মহৎ ব্যক্তি দুজন এজন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আনজন স্বামী বিবেকানন্দ। এজন সংসাৰত থাকি বহিৰ্জগতৰ ভাৱনাত মচগুল আন জনে সংসাৰ ত্যাগ কৰি বহিৰ্জগতৰ ভাৱনাত মনপুত। দুয়োৰে লক্ষ্য কিন্তু জগতৰ কল্যাণ সাধন কৰা। এজন সংসাৰত বাস কৰি আনজনে পথে পথে বিৰাজ কৰি। স্বামী বিবেকানন্দ যেতিয়া ব্ৰাহ্মণ সমাজৰ লগত একনিষ্ঠ সেৱক ৰূপে কাম কৰিবলৈ লৈছিল, যুৱক সকলক লৈ এটি গানৰ দল গঠন কৰি লৈছিল। ব্ৰাহ্মণ সমাজৰ বিবাহত আমাৰ মন্ত্ৰৰ নিচিনা গানক গুৰুত্ব আৰোপ কৰিছিল। ব্ৰাহ্মণ সমাজৰ বহুতো গান (বিয়া গীত) আছে তাৰ ভিতৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কেইবাটাও ৰচনা কৰিছিল সেই বিবাহৰ গান (বিয়াগীত) স্বামী বিবেকানন্দই শিকিছিল আৰু এটাবোৰ বিয়াতো গাইছিল স্বামী বিবেকানন্দই।
তলত এটি কলি উল্লেখ কৰা হ'ল বঙলা ভাষাত

""দুই হৃদয়েৰ নদী একত্ৰে মিলিল যদি
বলো নাথ কাৰো প্ৰাণে অগ্ৰেহে
ছুটিয়া যায়
দুই হৃদয়ের নদী একত্ৰে মিলিল যদি দেৱ কাৰো প্ৰাণে ছুটিয়া যায়""

দুই হৃদয়ৰ নদী একেলগে মিলি গৈছে কিন্তু , ভাৰতৰ কোন তীৰ্থত
 গঙ্গা আৰু যমুনা একেলগে হৈছে এলাহাবাদত, যাক কোৱা হয় প্ৰয়াগ তীৰ্থ ।সকলো সময়ত ভাৰতৰ মেপ চকুৰ আগত ৰাখিব লাগে । আমি য'ত জন্ম গ্ৰহণ কৰিছোঁ ইমানেই পৱিত্ৰ দেশ বিশ্বৰ আন ক'তো বিচাৰি পোৱা নাযাব। যি ভাৰত বৰ্ষত বাৰে বাৰে ভগৱান নিজে নামি আহিছে ভিন্ন ভিন্ন অৱতাৰত। সেই ভগৱানৰ সেৱাৰ বাবে মহাপুৰুষক পঠিয়াই দিছে ভগৱানে। এই ভাৰত বৰ্ষৰ মাটি ইমানেই পৱিত্ৰ।
  কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ক'ব বিচাৰিছে যেনেকৈ গঙ্গা আৰু যমুনা এই দুয়োটাই খুবেই মূল্যবান আৰু গুৰুত্বপূৰ্ণ নদী এই দুয়ো মিলি গৈছে এলাহাবাদত আৰু দুটা নদী একত্ৰ মিলি ঢাপলি মেলিছে সমুদ্ৰ সঙ্গমত।
ঠিক তেনেদৰে হে ঈশ্বৰ :দৰাৰ হৃদয় এটি নদী আৰু কইনাৰ হৃদয় এটি নদী । এই দুটি নদী একত্ৰ হৈ আজি যাব ওলাইছে ভগৱান তোমাৰ বাঞ্ছা কৃপা কল্পতৰু নামৰ নদীত। ইমান উচ্চ মান বিশিষ্ট ভাৱনা লৈ গান ৰচনা কৰিছিল ৰবীন্দ্ৰ নাথ ঠাকুৰে। গানৰ ৰচক ৰবীন্দ্ৰনাথ ঠাকুৰ , গায়ক, গানৰ শিক্ষক ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু গানৰ ছাত্ৰ স্বামী বিবেকানন্দ। বিবাহ এটি ধৰ্মীয় অনুষ্ঠান মোৰ মতে।

✍️আহিদুল ইচলাম (আহাদ)
মন্দিয়া আঞ্চলিক মহািদ্যালয়, মন্দিয়া ।
স্নাতক পঞ্চম ষাণ্মাষিক

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send