তুমি কিয় এনে কৰিলা ০৭~ উপন্যাস- সঞ্জীত দাস

©Admin
0
গাড়ীৰ পৰা নামি মই হোষ্টেলৰ গেটৰ ফালে চালো। হোষ্টেলৰ গেটৰ ওপৰত লিখা আখৰবোৰ আকৌ এবাৰ পঢ়িলো। লিখা আছে মিলিজুলি ছাত্ৰবাস , পাণবজাৰ। আমাৰ হোষ্টেলখন চৰকাৰী হোষ্টেল নহয়, ব্যক্তিগত। ব্যক্তিগত হ'লেও আমাৰ হোষ্টলখন নিপুণ। আন হোষ্টলবোৰৰ নিচিনা হুলুস্থুলীয়া নহয়। শান্ত- শিষ্ট পৰিবেশ। অৱশ্যে হোষ্টেলৰ জুনিয়ৰবোৰৰ লগত চিনিয়ৰবোৰে ধেমালি নকৰা নহয়। কিন্তু অইন হোষ্টেলবোৰৰ নিচিনা আমাৰ ইয়াত ৰেগিং নকৰে! গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত আমাৰ হোষ্টেলখন। চৌদিশে সৰু সৰু কিছুমান গছ আছে , সেই গছবোৰত অকাই-পকাই ফুলি আছে কেইজোপামান অপৰাজিতা। মই থমকি ৰোৱা দেখি দেউতাই মোক ক'লে 
: বাবা যা, ভালদৰে থাকিবি, কিবা প্ৰয়োজন হ'লে ক'বি মই আহিম। 
এয়া তোৰ বেগবোৰ লৈ যা। 
দেউতাই মোৰ হাতত বেগ কেইটা দি দেউতাই ৱাৰ্ডেনৰ লগত কথা পতিলে। মই দেউতাক মাত লগাই হোষ্টেলৰ ভিতৰলৈ সোমাই গ'লো। 2nd sem ৰ পৰীক্ষা দি যোৱাৰ পৰা হোষ্টেল অহা নাই। আজি দুই দহ দিন হ'ল। এই কেইদিনতে হোষ্টেলখন কিবা বেলেগ বেলেগ লাগিছে মোৰ । সৰু গছ কেইজোপা অলপ জোপোহা হৈ ডাল পাত বিলাক ভৰি পৰিছে। অৱশ্যে ঠাইখিনি লেতেৰা হোৱা নাই। হয়তো ল'ৰাবিলাক নাথাকিলেও হোষ্টেলখন চাফ চিকুনিয়াই আছে সেই বাবে হোষ্টেলৰ চৌহদটো পৰিস্কাৰ হৈ আছে।
     এইবাৰ আমি জুনিয়ৰ নহয় । এইবাৰ আমি চিনিয়ৰ। এইফালে হোষ্টলৰো, আনফালে কলেজৰো। এইবাৰ আমি আৰু আমি। মোৰ মনতো আনন্দত ভৰি পৰিল। মই এবাৰ দেউতাৰ ফালে চালো দেউতাই গাড়ীখন ঘুৰাই যাবলৈ লৈছে মোক দেউতাই হাতখন জোকাৰি দিলে বিদায় দি গাড়ীখন চলাই গুছি গ'ল। মই মনোজক চালো, তাক দেখা নাই। ক'ত গ'ল সি। মই বেগবোৰ লৈ আমাৰ কোঠালিত সোমালো। কোঠালিত সোমাই মই আচৰিত। মনোজে ফোনত কথা পাতি আছে। মই কোঠালিৰ খিৰিকীখন মেলি দিলো ....আমাৰ কোঠালিৰ খিৰিকীৰে ব্ৰহ্মপুত্ৰ নদীখন সম্পুৰ্ণকৈ দেখি। মই নৈখনৰ ফালে চাই মনোজক ক'লো
: কিহে ভাই কাৰ লগত কথা পাতি আছা। 
মই মাত দিয়াত সি ফোনটো কাটি দিলে। আৰু সি বিচনাৰ পৰা থিয় হৈ মোৰ ফালে চাই মোক ক'লে
: তোক মই অলপ আগতে ফোন কৰিছিলো তই নধৰা দেখি মই আকৌ ফোন নকৰিলো। মোৰ বিচনাখন পাৰিলো। চাওঁ তোৰখনো পৰি দিওঁ। 
: বাৰু বিচনাৰ কথা পাছত ক'বি। এতিয়া ক তই কাৰ লগত কথা পাতি আছিলি। 
: নাই, গাৰ্ল ফ্ৰেণ্ড আৰু কোন হ'ব। 
: হয় নেকি । তহঁতৰে দিন দেই । বাকী খৱৰ কি ?? ঘৰত ভালে আছেনে? 
সি মোৱাইলত ব্যস্ত থাকিয়েই মোৰ কথাখিনি উত্তৰ দিলে। সি মোক ক'লে
: ভালেই দে। তহঁতৰ ভাল নে নাই। 
: উম ভালেই আমাৰো। বাৰু তই ফোন ক'ৰ মই মুখ-হাত কেইটা ধুই আহোঁ। 
      এনেতে মোৰ ফোনটো বাজি উঠিল। মই পকেটৰ পৰা ফোনটো উলিয়াই দেখিলো মায়ে ফোন কৰিছে। মই ফোনটো ৰিচিভ কৰিলো। সেই ফালৰ পৰা মায় ক'লে
: hlw বাবা তহঁত গৈ পালি নে নাই। 
মই ক'লো 
: উম মাঁ পালো দিয়া আহি। 
: দেউতাৰাই ক'ত আছে।
: দেউতাই মোক থৈ গৈছেহি দিয়া।তুমি চিন্তা নকৰিবা মই আৰু মনোজ একেলগে আছো। 
          মই আৰু মাৰ লগত বিশেষ কথা নাপাতিলো। মই ফোনটো কাটি মোৱাইলটো টেবুলৰ ওপৰত থৈ .... বাথৰুমত সোমালো। মনত ভাবিলো ফেচবকুত request পঠোৱা ছোৱালীজনী বাগানত দেখা চনীয়া নামৰ ছোৱালীজনীয়েই নেকি? যদি হয় আজি আহি থাকোতে কলেজৰ সন্মুখত দেখা পোৱা ছোৱালীজনী কোন ? একেবাৰে চনীয়াৰ মুখখনেই দেখোন ? চনীয়াই নেকি সেই ছোৱালীজনী? অলেখ প্ৰশ্ন আহি মোক আমনি কৰিব ধৰিলে। মই বাথৰুমৰ পৰা ওলাই আহি দেখিলো মনোজ সম্পুৰ্ণ সলনি হৈ পৰিছে। সি আকৌ মোৱাইলত কথা পাতি আছে। কিন্তু কাৰ লগত কথা পাতিছে সি। গাৰ্ল ফ্ৰেণ্ড লগত হ'লে মই আহিলে ফোন কাটি দিলে হয় জানো। বাৰু যি হওঁক দেখা যাব। মই তাক ক'লো 
: তই কলেজ যাবি নে নাই। 
সি হামিয়াই উত্তৰ দিলে 
: আজি নো কলেজ ক'ত হ'ব। মই নেজাও দে তইয়েই যা।
তাৰ কথা শুনি মই আচৰিত হ'লো। ক্লাছ নকৰিলে থাকিব নোৱাৰা ল'ৰাটোৱে আজি ক্লাছ নকৰা কথা কৈছে কিয়? 
মই তাক ক'লো 
: মনোজ তই ক্লাছ কৰিব নাযাৱ কিয়? 
সি ক'লে
: মোৰ গাটো ভাল লগা নাই তই যা মই অলপ শুম। 
সি তেনেকৈ কোৱাত মই আকৌ তাক দুনাই প্ৰশ্ন নকৰিলো। মোৰ মনত আহি থাকিল যে সি ক্লাছ কৰিব কিয় নাযায় যিজন ল'ৰাই ক্লাছৰ বাবে বিয়াকুল হৈ থাকে সেই জন ল'ৰাই আজি এনেকৈ কৈছে। এয়া কি আচৰিত কথা মই কোঠালিৰ পৰা ওলাই আহিলো। ৱাৰ্ডেনক চালো। দেখা নাই মই ৱাৰ্ডেনক। হোষ্টলৰ বাৰাণ্ডাত কিছুসময় ৰৈ মই বহীখন আকৌ আনিবলৈ কোঠালিত সোমালো আকৌ মনোজে কাৰবাৰ লগত কথা পাতি থকা দেখিলো। মই এইবাৰ অনুমান কৰিলো যে হয় সি গাৰ্ল ফ্ৰেণ্ডৰ লগতে কথা পাতি আছে মই আৰু তাক নামাতিলো। বহীখন লৈ কোঠালিৰ পৰা কলেজলৈ বুলি ওলাই আহিলো। 

✍️সঞ্জীত দাস 
পাটাছাৰকুছি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)