মৰা কলঙত এৰাতি- অলকেশ কাকতি

©Admin
0
মৰা কলঙত এৰাতি

মোৰ হৃদয়ৰ বোকোচাত
শৰীৰৰ শিৰাই-উপসিৰাই
নিতে অনুৰণিত হয়,
মৰা কলঙৰ সেই নিশ্চুপ নিশাটিৰ কথা।।
মাজনিশাৰ নিৰলস আৱেগবোৰ
নিউ-নিউকৈ‌ ভাঁহি অহা ফেঁচাৰ চিঞৰ,
ফুটা -নুফুটা কোনোবা দাইনীৰ আৰ্তনাদ,
সেউজীয়া দুৱৰিৰ কোমল দলিচাত
টোপাল টোপাল নিয়ৰৰ ল'ৰা-ধেমালি।।
শীতৰ লঠঙা ডালত চৰাইহাঁলি ওলমি যোৱা
এক মধুৰ ক্ষণ ,,
মোৰ কলিজাৰে নিগৰিছে এতিয়া
দুসোঁতা উমাল তেজ।।
কুঁৱলীৰ মায়াসনা প্ৰাচীৰ
নিৰল আকাশত এচপৰা ক'লামেঘ,
পশ্চিম দিশেৰে নাওঁ বাই অহা মানুহজনৰ গাত
ঈষৎ পোহৰ পৰিছে।।।
উচপ্ খাই উঠিলো
শীতৰ ধুমুহাই তচনচ কৰা
সেই মায়াসনা নিশাটিৰ কথা ভাবি।।।
         
✍️ অলকেশ কাকতি 
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)