নেজ সৰা শিয়ালৰ হোৱা-হেমেন হাজৰিকা

©Admin
0
নেজদালহে গুহাত
এৰি থৈ আহিলো |

মঙহ দেখিলেই
কিমান যে ফন্দী |
কেনেকৈ দুটুকুৰা
লুকাই চুৰকৈ খাব পাৰি
ঘৰলৈ বুলি অলপ |

লোভৰ জিভা
বাৰ হাত দীঘল হয় |

কি ক'ম 
জোলোঙা আমাৰ
দেখাতহে সৰু
চাউল চৰু আৰু
ঢেৰ ধৰে গৰু |

নীলৰ পানীত গা ধুলেও
হোৱা আমি দিমেই
নহয় জানো ?
বোপা ককা দিনৰ সজ
কেনেকৈনো এৰো ||

✍️হেমেন হাজৰিকা
  মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)