সময়ৰ মহিমা-কানন বৰুৱা

©Admin
0
সময়ৰ মহিমা অপাৰ
নাই কোনো পাৰাপাৰ
আহে সময় যায় সময়
সময়ে গঢ়ে জীৱন 
বান্ধে সেউজবুলীয়া আলি
ৰং ৰূপ ৰসেৰে ভৰা এটি জীৱন
সময়ে সৃষ্টি কৰে নিতৌ ন ন আঁচনি
সচাঁকৈ আচৰিত, সময়ে গঢ়া এটি জীৱন..
পল অনুপলকৈ সময়ে গতি কৰে
সানেহি ফাগুনৰ ৰং
আন কেতিয়াবা বহাগৰ ৰং
কেতিয়াবা কঢ়িয়াই সুখ কেতিয়াবা দুখ
কি যে আচৰিত সময়
কেতিয়াবা এৰি থৈ যায়
এখনি হৃদয় কাৰোবাৰ বাবে
কাচৰ টুকুৰাৰ দৰে কেতিয়াবা ভাঙি যায়
থন থন কৈ এখনি হৃদয়
ৰৈ যায় হেজাৰ স্মৃতি
মনৰ এলবামত এখনি ফটো হৈ 
ৰঙেৰে সজা বালি ঘৰ নিমিষতে যায় ভাঙি
যাক বুজাব নোৱাৰি কাহানিও
কেৱল অনুভৱ কৰাহে যায়।
                                          
✍️কানন বৰুৱা
ডিব্ৰুগড়, চিৰিং চাপৰি
                           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)