এগৰাকী স্বভিমানী নাৰীৰ উদাত্ত কণ্ঠ~প্ৰবন্ধ-প্ৰিয়ংকা গায়ন

©Admin
0
স্বাধীন নে মই?মই শোষিত,বঞ্চিত,ধৰ্ষিত,
নিয়ন্ত্ৰিত। সমাজে মোক চিনাকি দিয়ে এনেদৰে।কিন্তু,সমাজৰ সেই মহান ব্যক্তি সকলৰ জন্ম হয় মোৰ গৰ্ভতে।তেন্তে মোৰ চিনাকি কিয় পৃথক।নাৰী হিচাপে মই জানো নাগৰিক নহয়?তেনেহ'লে মোক কিয় আপোনালোকে পৰাধীন বুলি ভাবি লয়?কিয় মোক এজন পুৰুষৰ নিয়ন্ত্ৰণত থকা বুলি ক'ব খোজে?মোৰ কি নিজস্বতা নাই?মই কি স্বাধীন হ'ব নোৱাৰো নি?মোক কিয় অবলা - দুর্বলা আদি বিশেষণেৰে স্বীকৃতি দিয়া হয়?মই তেনে নহওঁ।মোৰ অগ্ৰজ সকলো তেনে নাছিল।জয়মতী,মুলাগাভৰু, ঝান্সী ৰাণী লক্ষ্মীবাই, কনকলতা,সৰোজিনী নাইডু, এইসকলৰ এগৰাকী ও অবলা নহয়।এওঁলোক 
পুৰুষতকৈ শত গুণে শ্ৰেষ্ঠ।কোনে কয় আমি পুৰুষৰ সমানে কৰিব নোৱাৰো?আমি এখন ঘৰ ও চলাব পাৰো এখন দেশ ও চলাব পাৰো।আমি স্থলপথত ৰিক্সাও চলাব পাৰো আৰু আকাশত উৰাজাহাজ চলাব পাৰো।আমি জলপথত নাও চলাব পাৰো,ৰে'লগাড়ী চলাবলৈ আমি ভয় নকৰো।আমাৰ বুকুত থকা সাহস আছে।আমি যেনেকৈ সহ্য কৰিব পাৰো তেনেকৈ উগ্ৰ মূৰ্তি ধাৰণ কৰিবলৈ ও আমি ভয় নকৰো।সন্তান জন্মদিয়াৰ দৰে ইমান বেদনাদায়ক কাম কৰিব পৰা আমি সহনশীলা হওঁ যদিও অন্যায়ৰ প্ৰতিবাদ কৰিবলৈও জানো।আমি কেনেকৈ নিজৰ আত্মসন্মান জীয়াই ৰাখিম তাৰ বাবেও যুদ্ধ কৰিবলৈ কুণ্ঠাবোধ নকৰো।

                 মই অবলা,দুর্বলা,সহণশীলা,ধৈৰ্যশীলা নাৰী হওঁ।কিন্তু,মোৰ বুকুত অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ সাহস আছে।প্ৰতিবাদ কৰি নিজৰ স্বাধীনতা লাভ কৰিব পৰাকৈ প্ৰতিবাদী সত্বাও মোৰ তেজত আছে।দেশৰ বাবে জীৱন বলিদান দিব পৰাকৈ মোৰ তেজত স্বদেশপ্ৰেম আছে।সমাজখন,দেশখনক পৰিচালনা কৰিব পৰাকৈ মোৰ সামৰ্থ আছে।মোক অবলা বিশেষণেৰে চিনাকি দিব খোজা কাপুৰুষ সকলক নিজৰ চিনাকি দিব পৰাকৈ মোৰ দেহত শক্তিও আছে।আজি মই নিজৰ ৰূপত নিজে স্বাধীন।

✍️প্ৰিয়ংকা গায়ন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)