ৰুগ্ন সমাজ-পাৰমিতা বাস্কে শৰ্মা

©Admin
0
কʼতই কয় একতাৰ কথা
কʼতই বুজায় সমতাৰ ভাষা..
কʼতই দিয়ে মূল্যবোধৰ শিক্ষা....
কিন্তু,তথাপিও দেখোন চাৰিওফালে
হত্যা-হিংসা,লুণ্ঠন-ধৰ্ষণ
ধৰ্ম-অধৰ্ম, জাতি-পৰজাতি
আৰু কʼত যে কিহৰ বিভীষিকা .....
প্ৰশ্নতো মোৰ ইয়াক লৈয়ে...
আছেই যদি সমাজত
একতা-সমতা,
আছেই যদি সমাজত মানৱতা
তেন্ত কিহৰ বাবে
অত বৰ্ণবৈষম্য-জাতিভেদ প্ৰথা
এন্ধাৰ আৰু নালাগে,পোহৰ অকন দিয়া
মুখাপিন্ধা হোৱাতকৈ সঁচাকৈয়ে ভদ্ৰ হোৱা,
জীৱশ্ৰেষ্ঠ সঁচাকৈয়ে যদি
মানসিকতা সলনি কৰা...।
      
✍️পাৰমিতা বাস্কে শৰ্মা
নুনমাটি, গুৱাহাটী
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)