কণমানি লেখিকা ~ চানেকিৰ শিশুচ'ৰা-মীনা পামে গাম

©Admin
0



এজনী ছোৱালী নাম ডেইজি ।
ঘৰত দিনত মাক দেউতাক নাথাকে ।
সেয়েহে তাই ক্লাচ ওৱানৰ পৰাই ছবি আঁকি দিনটো কটায় - ছবি আঁকে মাক দেউতাক বাহিৰলৈ যোৱা- মাক কি আনিছা (?) , দিনত মিচে কি কৈছিল সেই ছবি আঁকে আৰু স্কুলৰ দৈনিক কথোপকথন আদি আকে ।
ছবি অকাতো তাইৰ নিছাৰ দৰেই হ'ল
আৰু ছবিৰ লগত "ডাইলগো" লিখে ।
প্ৰতিখন ছবিতে ডাইলগ লিখে ॥
দিনে দিনে ছবি অঁকা topic বােৰ বেলেগ বেলেগ হ'ল আৰু ডাইলগৰ ওপৰিও
সংগতি থকা কথা বা বিশ্লেষণো কৰি দিয়ে
তাকে দেখি ভাবিলো ৱাঃ তাই দেখোন নাটক আদিৰ script আদিও লিখিব পাৰিব - আগলৈ ।
এই বয়সতে ইমানখিনি লিখিব পাৰে,  
সৰুতেই  বহু গুণৰ অধিকাৰী হ'ল ।
অভ্যাস, আগ্ৰহ আদিয়ে মানুহক বহুত ওপৰত লৈ যায় । ছৱি অকাখিনি দেখুৱাইছিল মোক ।
বৰ ভাল লাগিল । অইনৰ দৰে টিভি চাই সময় নষ্ট নকৰি ধনাত্মক কামত নিজকে ব্যস্ত কৰি ৰাখিছে ছোৱালী জনীয়ে ।

     এতিয়া তাই ক্লাচ ষষ্ঠ মানৰ ছাত্ৰী ।
মন গ'লেই কিবা- কিবি লিখি থাকে ।
ৰাতি শুৱাৰ আগে এদিন মাকে ক'লে, " শু এতিয়া কি কৰি আছ' " ?
তাই কৈছিল, ' ৰ'বাচােন মা মই কিবা এটা ভাবিছো লিখিবলৈ দিয়া - এতিয়া নিলিখিলে পাছত লিখিব নোৱাৰিম' ।
পাছত মনলৈ আনিব নোৱাৰিম ।
মনলৈ আহোতেই লিখিব লাগিব ।
: যিমান ৰাতি হ'লেই তাই লিখে- কণমানি জনীয়ে !!
: সৰুৰে পৰাই তাইৰ সৃষ্টিশীল মন এটা গঢ়ি উঠিল ।
: তাইৰ কবিতা প্ৰকাশো হৈছে বাতৰি কাকতত ।
:তাই এতিয়া কণমানি লেখিকা, ছিত্ৰকৰ,  Script writer আৰু কবি ।

(উদগণি মূলক :: সত্য শিশু কথা )

✍️মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)