অকণি~চানেকিৰ শিশুচ'ৰা-যোগেশ্বৰ লাগাছু

©Admin
0
কণ কণ আমি অকণি
কোমল সেউজ ধৰণী
দিয়াচোন সময়মতে
সাৰ, মাটি আৰু পানী
ফুলিব দিয়া সুগন্ধি ফুলৰ কলি /

সমনীয়াৰ স'তে মিলিজুলি
খেলি খেলি শিকিম গদ্য পদ্য অংক
পোহৰৰ পথৰ হেঙাৰ ওখ পৰ্বত
নাচি নাচি সহজে কৰিম ধ্বংস /

ইতিহাস পাঠ কৰি আমি
দহৰ কথা চিন্তা কৰি
যাম আগবাঢ়ি বাঢ়ি
দিম অগ্নি পাখি ছিঙি /

কণ কণ আমি অকণি
কোমল সেউজ ধৰণী
ৰচিম সেউজ বিপ্লৱ দেশত
ঠাই নাপাব শুকান নৰাণি
উজ্জ্বল সহিতে দেশৰ মাটিত
জ্বলাম আন্ধাৰ নাশি চাকি //

✍️যোগেশ্বৰ লাগাছ
ধেমাজি, জীয়াঢল দিহিৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)