সাক্ষাৎকাৰ বুলিলেই আমি বুজো কোনোবা এজন নিৰ্দিষ্ট ব্যক্তিৰ অন্ত:নিৰ্হিত ভাৱবোৰ বহি:প্ৰকাশ কৰা।সাধাৰণতে প্ৰায়ভাগ সাক্ষাৎকাৰেই বিশিষ্ট ব্যক্তিৰ দেখিবলৈ পাওঁ,কিন্তু আমি কিমানজন দেহে খাটি খোৱা ব্যক্তিৰ সাক্ষাৎকাৰ লোৱা দেখিছো???নিশ্চয় খুবেই কম দেখিছো।কিয় আমিবোৰেও তেওঁলোকৰ জীৱনৰ ভিতৰুৱা কথাবোৰ জানিব নোৱাৰোনে?নিশ্চয় পাৰো।তেওঁলোকৰ এখন দা,কুঠাৰ,ৰাণ্ডা,বটালী,নাঙলতেই জীৱন সীমাৱদ্ধ নেকি!!তেওঁলোকৰ কেঁচা ঘামবোৰ,ফটা গেঞ্জীটোক আমিবোৰে মূল্য দিব নোৱাৰোঁনে!!গতিকে কেতিয়াবা সৰু মানুহৰ সাক্ষাৎকাৰো ল'ব।বহুতৰ দুখেৰে অতিবাহিত কৰা জীৱনৰ কথা জানি আপোনাৰ নতুবা মোৰো চকুপানী ওলাই যাব।
✍️পৰী হাজৰিকা
চৰাইদেউ,শিৱসাগৰ
সাক্ষাৎকাৰৰ সফলতাৰ কৌশল সমুহ বৰ্ণনা কৰা
ReplyDelete