নিৰু তৃতীয় বাৰৰ বাবে গৰ্ভৱতী হৈছে ৷ আগৰ দুইয়োটা সন্তান ছোৱালী ৷ তাক লৈ গিৰিয়েকৰ কোনো আপত্তি নাই কিন্ত শাহুৱেকহে সুখী নহয় ৷ সুবিধা পালেই শাহুৱেকে নিৰুক তাকে লৈ কথাও শুনাই থাকে ৷ কেতিয়াবা গিৰিয়েক যতিনকো শাহুৱেকে নাতি এটাৰ কাৰণে তাগিদা দিয়া তাই বহুতবাৰ শুনিছে ৷ গতিকে প্ৰসৱৰ দিন যিমানেই চাপি আহিছে সিমানে নিৰুৰ চিন্তা বাঢ়ি আহিছে ৷
এদিন ৰাতিপুৱা নিৰুৱে প্ৰসৱ বেদনাত চটফটাব ধৰিলে ৷ যতীনে লৰালৰিকৈ গাড়ীখনেৰে নিৰুক লৈ গৈ চহৰৰ হাস্পতাল এখনত ভৰ্তি কৰিলে ৷ ডাক্তৰে কোৱামতে নিৰুৰ অৱস্থা অতি সংকটজনক ৷ অতিশীঘ্ৰে অষ্টোপ্ৰচাৰ কৰি প্ৰসৱ নকৰালে পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে ৷ নিৰুক কষ্টজনক অৱস্থাত দেখি যতীন বিহ্বল হৈ পৰিছিল ৷ নিৰু আৰু জন্ম হব লগা শিশুটোৰ যাতে কোনো অঘটন নঘটে সি তাৰ বাবে ডাক্তৰক কাতৰ অনুৰোধ কৰিছিল ৷ ডাক্তৰে তাক যিমান পাৰে অভয় দিছিল ৷
অবশেষত তিনি ঘন্টা যোৰা জটিল অষ্টোপ্ৰচাৰৰ অন্তত নিৰুৰ তৃতীয়টো কন্যা সন্তানৰ জন্ম হল ৷ অষ্টোপ্ৰচাৰৰ সময়ত অধিক ৰক্তক্ষৰণ হোৱাৰ কাৰণে নিৰুক আই চি উ তেই ৰখা হ'ল ৷
পিছদিনাখন নিৰুৰ চেতনা ঘুৰি অহাৰ লগেলগে যতীনে তাইৰ মূৰৰ চুলিখিন হাতেৰ পিহি মিচিকিয়াই কলে টিক টিকিয়া ৰঙা ওঠৰ এজনী ধুনীয়া ছোৱালী হৈছে ৷ নিৰুৱে যতীনৰ হাতখন ধৰি সেহাই সেহাই কলে তোমাক এইবাৰো মই এটা লৰা সন্তান দিব নোৱাৰিলো ৷
তোমাক কেতিয়া বাৰু মই লৰা সন্তান দিবলৈ লাগিবই বুলি কৈছো ৷ সেইয়া তোমাৰ মোৰ হাতত নাই ভগৱানে আমাক যি দিছে তাতেই সুখী হোৱা উচিত ৷ মোৰ ঘৰত দূৰ্গা, লক্ষ্মী আৰু সৰস্বতী তিনিও দেবীয়ে জন্ম লৈছে আৰু তুমি ল'ৰা সন্তানৰ কাৰণ বিলাপ কৰি আছা ৷
যতীনৰ কথাত নিৰুৰ দুচকুৱেদি দুটোপাল তৃপ্তিৰ লোতক বাগৰি গ'ল ৷ তাইহে জানিচে তাৰ কথাত তাইৰ বুকখনত হেছা মাৰি থকা সংকোচৰ বোজাই কিমান পাতল হৈ পৰিছিল ৷
খন্তেকৰ পাছত যতীনে নিৰুৰ কপালত এটা চুমা খাই ডাক্তৰক দেখা কৰিবলৈ ওলাই গ'ল ৷ যতীন যোৱাৰ পাছতে নিৰু থকা কেবিনটোলৈ তাইৰ ডাঙৰ ছোৱালী জিনাক লগত লৈ শাহুৱেক সোমাই আহিল ৷ সোমাই আহিয়েই মুখত বিৰক্তিৰ ভাব আৰু কৰ্কশ মাতেৰে শাহুৱেকে তাইৰ ফালে চাই সুধিলে - এইবাৰো তুমি ল'ৰা এটা জন্ম দিব নোৱাৰিলা ৷ ভাবিলে বেয়াই লাগে যে তোমালোকক মুখাগ্নি কোনে কৰিব?তোমালোকৰ প্ৰকৃততে ভাগ্যই বেয়া , কোনোবা নিঃসন্তানক দানকেই দি দিয়া ৷ পূন্য হব৷
শাহুৱেকৰ মুখৰ কথাখিনি শুনি নিৰুৰ মুখখন কেহেৰাজি বতাৰ দৰে বিবৰ্ণ পৰি গ'ল ৷জন্ম দি উঠি যিজনী সন্তানৰ মুখেই দেখা নাই সেই নবজাতকো শাহুৱেকে এৰি দিয়া নাই ৷ দুখ আৰু অপমানত তাইৰ বুকখন গধুৰ হৈ পৰিছিল ৷ বুজা নুবুজাৰ ভাৱত মনটো মাৰি জিনাইয়ো মাকৰ মুখলৈ কিছু সময় চাই থাকি অবশেষত আইতাকৰ লগত ঘৰলৈ গুছি গৈছিল ৷ নিৰুৱে শাহুৱেকে কৰা অপমানৰ কথা যতীনক কেতিয়াও জানিব নিদিলে কিন্ত মনতে প্ৰতিজ্ঞা কৰিলে যে তাই তিনিজনী ছোৱালীকে এদিন ত্রিশক্তি ৰূপত সমাজত পৰিচিত কৰিব ৷
এটা যুগ ধৰি নিৰুই যেন আজিৰ দিনটোৰ কাৰণেই অপেক্ষা কৰি আছিল ৷
ইনাৰ জন্মৰ দিনা শাহুৱেকৰ কৰা অপমানক যোৱা ২২ বছৰে মনৰ পৰা পাহৰিব পৰা নাছিল ৷ সেই অপমানে নিৰুৱ মনতে যি প্ৰতিজ্ঞা কৰিছিল সেই প্ৰতিজ্ঞা আজি পুৰণ হল ৷ নিৰুৱে যতীনৰ আকাল মৃত্যুৰ পাছত অশেষ কষ্ট কৰি জিনাক ডাক্তৰ বনালে, ৰিনাক ওকালতি পঢ়ালে আৰু আজি ষষ্ঠী পূজাৰ দিনা ইনাই প্ৰশাসনিক বিষয়া হৈ কামত যোগ দিয়াৰ এমাহ পাৰ হৈ গ'ল ৷ প্ৰথম দৰমহাৰ টকাৰে তাই মাক আৰু আইতাকৰ কাৰণে পূজা বুলি দুডাল সোনৰ চেইন উপহাৰ দিছে ৷ ইনাৰ উপহাৰ পাই আনন্দত আত্মাহাৰা হৈ শাহুৱেকৰ দুচকুৱেদি চকুলো বৈ গৈছিল ৷ আনপিনে প্ৰতিজ্ঞা পুৰণৰ আনন্দত নিৰুৱে আজিহে ইনা জন্মৰ প্ৰসৱসুখ অনুভব কৰিলে ৷
✍️চুমিন্দ্ৰ চৌধুৰী
ELITE HOMZ, NOIDA, UP-201301
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ