উপঢৌকন-চুটিগল্প~চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
ধনদা ই গাখীৰৰ টেকেলীটোৰ মুখখন কলপাত খনেৰে সজতনে বান্ধি পাকঘৰৰ চালখনৰ শিকীয়া ভালতে ওলমাই থলে ৷ যোৱা সপ্তাহ তাহাঁতে চাহকনটো গাখীৰ দি খোৱা নাই ৷ ঘাটমাউৰা নাতিয়েক হৰেনৰ পিয়নৰ চাকৰিটো হলেই ৰক্ষা পৰে ৷ কলেজৰ পৰীক্ষা পাছ কৰাৰ পাছত সিও কাম বিচাৰি হাতুশ হৈ গৈছে ৷ সদৰৰ অফিচাৰজনে বোলে হৰেনক কামটো দিয়াৰ কথা ভাবি চাম বুলি কৈছে ৷ সি আজ সেই অফিচাৰজনকে লগ কৰিব যাব ৷ সি খালি হাতে যাব ভাল নাপাই বাবে এটেকেলী গৰুৰ গাখীৰৰ দৈকে সাজু কৰিলে ৷
যথা সময়ত হৰেনে গৈ সদৰ পাই অফিচাৰ জনক দৈৰ টেকেলীৰ সহ লগ ধৰিলে ৷  অফিচাৰ জনে হৰেনক পুনৰ এমাহ মান পাছত মাতিলে ৷ পাৰিলে তাক খালৰ মাগুৰ মাছ পালে একেজিমান লৈ আহিব কৈ তাক বিদায় দিলে ৷
হৰেন যোৱাৰ পাছত সদৰৰ অফিচাৰৰ ৰুমলৈ আন এজন লৰা সোমাই আহিল ৷ আহিয়েই সি টিপতে অফিচাৰৰ হাতত  লেফাফা এটা গুজি দিলেহি ৷ লেফাফাটো সাউৎকৰে পকেটৰ ভিতৰত ৰাখি অফিচাৰজনে লৰা জনৰ হাতত কাগজ এখন দি তাক অহা সপ্তাহত পিয়নৰ কামত যোগ দিবলৈ কলে ৷ লৰাটো আনন্দত অধীৰ হৈ উভতিব লওঁতেই অফিচাৰজনে হৰেনে দি যোৱা দৈ টেকেলীটো তাক যাওঁতে নিজৰ আবাসত দি যাবলৈ কলে ৷
              ইফালে হৰেনে সদৰ অফিচৰ চাহ দোকানখনত বহি থাকোতেই লৰা এজনে অফিচাৰজনৰ আবাসলৈ সি অলপ আগতে দি অহা  দৈৰ টেকেলীটো আথেবেথে লৈ যোৱা দেখি মনতে বৰ সন্তোষ পালে ৷ এটা স্বস্তিৰ নিশ্বাস পেলাই হৰেনে  চাইকেলখনত লাফমাৰি উঠি ৰঙ মনে ঘৰলৈ বুলি পেদেল মাৰি দিলে ৷ 

🖋️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)