সাজপাৰ~ প্ৰবন্ধ- পম্পী কলিতা

©Admin
0
  সাজপাৰে এটা জাতিৰ ৰুচিবোধসম্পন্ন  ঐতিহ্যক দাঙি ধৰাৰ লগতে সাজপাৰে জাতিটোৰ স্বকীয় পৰিচয় দিয়ে। সাজপাৰৰ প্ৰচলন শৰীৰক ৰক্ষা কৰিবলৈ আৰু লজ্জা নিবাৰণৰ বাবে হৈছিল। সাজপাৰৰ জৰিয়তে নিজকে দেখনিয়াৰ কৰাৰ প্ৰচেষ্টা আৰু সভ্য সমাজত প্ৰয়োজন হ'ল শালীনতা ৰক্ষা কৰা। 
  ‌ 
  ‌‌‌‌‌           অঞ্চল বিশেষে ঠাই জাতি বিশেষে সাজপাৰৰ পাৰ্থক্য থকা দেখা যায়। কালিকা পুৰাণত ‌অসমীয়া সাজপাৰৰ বিষয়ে উল্লেখ আছে। তাত উল্লেখ থকা মতে প্ৰাচীন কালত প্ৰধানকৈ কপাহী কাপোৰ ব্যৱহৃত হৈছিল বুলি জনা যায়। 
         অসম বস্ত্ৰ উৎপাদনৰ আহিলা হিচাপে অতীতৰ পৰাই প্ৰচলিত উপাদানসমূহ এনেধৰণৰ---- 
         কপাহ , ৰেচম , (এড়ি ,মূগা , পাত), আহ গছৰ পৰা তৈয়াৰী সূতা । ৰেচমৰ আৱিষ্কাৰৰ চীন দেশৰ এগৰাকী ৰাণীয়ে কৰা বুলি জনা যায় ।  চুৰিয়াই আছিল অসমীয়া পুৰুষৰ প্ৰধান অধোবাস। আনহাতে ৰিহা, মেখেলা -চাদৰ আছিল মহিলাসকলৰ প্ৰধান সাজপাৰ । সোণবৰনীয়া মূগাৰ সাজ আৰু ৰিহা অসমীয়া নাৰীৰ বকুৰ আপোন। অসমীয়া মানুহে ব্যৱহাৰ কৰা বস্ত্ৰ সমুহৰ ভিতৰত অতিকৈ চিনাকী কেইপদ মান সাজপাৰৰ উদাহৰণস্বৰূপে-----
  চাদৰ : -- পাট  -চাদৰ , এড়িয়া চাদৰ।
  চেলেঙ:  ---- দৰিয়ালী, আচুফুল দিয়া, 
  কাপোৰ : --- বৰকাপোৰ, ফুলাম কাপোৰ , তিতা       কড়িয়া, খনীয়া কাপোৰ , মুগা ফুলীয়া, গুণাদিয়া।
  চোলা: ----এঙচোলা, বুকুচোলা
  গামোচা:  --- টঙালী , হাঁচতী , পানী গামোচা, ককালবন্ধা , ফুলাম গামোছা
  মেখেলা : --- বুটাবছা , মেজাঙকৰি, গুণাকটা মেখেলা , নৰা  মেখেলা।
  ৰিহা:---- আচুসলীয়া আচলে পাৰিয়ে গুনাকতা ৰিহা, কেছ বছা, ৰিহা, গাঠীয়লি ৰিহা , 
  মোনা:---- থুনপাকমোনা, দুফলী মোনা। 
  সভ্যতাৰ বিকাশৰ লগে লগে সংস্কৃতিক পৰিৱৰ্তন, নিত্য নতুনত্বৰ ফলত অসমীয়া সাজপাৰৰ প্ৰকৃতি পৰিৱৰ্তন হৈছে। অসমীয়া সাজপাৰত ইউৰোপৰ সাজপাৰৰ সংমিশ্ৰণ  ঘটিছে যদিও বৰ্তমানে ও অসমীয়া সাজপাৰ লুপ্ত হোৱা নাই। 

✍️পম্পী কলিতা
বাহমোল্লা, ওদালগুৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)