জোনবাইৰ গাঁঠা-জয়শ্ৰী দাস

©Admin
0
সন্ধিয়াৰ আকাশ খনে 
পঁদূলী মুখ খন পোহৰাই তুলিছে, 
পোনাকনে আইতাৰ স'তে চোতালত বহি
মহাভাৰত -ৰামায়ণৰ কথা শুনে। 
পোনাকনে আইতাৰ স'তে বহি আকাশলৈ চাই
 ধ্ৰুৱ তৰাকেই ধৰি সাতভাই , 
ভগাই খোৱা তিল টোৰ কথাও 
আইতাৰ মুখত পোনাকনে শুনে। 
কথাৰ মাজতে পোনাকনৰ মাকে আইতাৰ
সন্ধিয়াৰ ৰঙা চাহ কাপ চোতালত নিতৌ দিয়ে, 
আৰু আইতাইও চেগ বুজি পোনাকনৰ কোমল
গালত এটি মৌ সনা চুমা দিয়ে। 

✍️জয়শ্ৰী দাস
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)