জোনাক-ৰুমী কলিতা দত্ত

©Admin
0
জোন জ্বলা সেই জোনাক ৰাতি 
তিৰ্‌বিৰ্‌ তৰালীৰ স'তে নাচিছে জোনাকী 
এই পূৰ্ণিমা ৰাতি
আমোলমোলীয়া শেৱালী সুবাসত মন মতলীয়া।
 টোপটোপ নিয়ৰ কণা 
নাৰিকলৰ পাতৰ মাজেৰে ৰূপালী জোনে লুকাভাকু খেলিছে ,
চোতালত শীত নামিছে 
আঘোণীক আদৰণি জনাই কৃষকে 
ন-খোৱা পাতিলে 
বোকা-পানীৰ দুখ- যন্ত্ৰনাই যেন আনন্দত কিৰিলি পাৰি 
বিৰিয়া ভাঙিব।
জোনাক নামে চোতালে চোতালে শীতক আদৰণি জনাবলৈ 
শৰতৰ পূৰ্ণিমা ৰাতি নাচে বনমালী ।
জোনাক নামটিয়ে জীপাল কৰে মন ,তোমাৰ স'তে কবিৰ মিতিৰালি ,নাচে জিক্‌মিক্‌ জোনাকী ।
শুভ্ৰ পোহৰ পাই অপৰূপ প্ৰকৃতি ।

উভতি চাওঁ শৈশৱলৈ , নাচি নাচি দেও দি ফুৰা সেই সময় ক'তেনো হেৰাল?
 জোনাক নহয় 
যেন যৌৱনৰ জোৱাৰ!
নিৰব নিতাল জোনাক ৰাতি কত নাৰীয়ে 
নিসংগতাৰ স'তে যুঁজ দি পূৱাৰ ছবি আঁকে ।


✍️ৰুমী কলিতা দত্ত।
টিংখাং, কেনুগুৰি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)