মাটিৰ প্ৰতিমা~গল্প-বাণীকান্ত লহকৰ

©Admin
0
মানুহজনী বৰ উচপিচাই আছে । যেন শিকলিৰে হাত ভৰি বান্ধিহে ৰাখিছে । অসহ্য । এনেকৈ তেওঁ থাকিব নোৱাৰে । নতুকৈ বিয়া হৈ অহা বোৱাৰী শেৱালীয়ে তেওঁক একো কৰিবলৈ নিদিয়ে । কিবা এটা হাতত ল'লেই "মা সেইটো কিয় কৰিছে ? আপুনি কৰিব নেলাগে, আমি আছো নহয় । আপোনাৰ দুজনী বোৱাৰী মানে দুজনী ছোৱালী । আগতে আপোনাৰ ছোৱালী নাথাকিলে কি হ'ল, এতিয়া ঈশ্বৰে আমাক পঠিয়াইছে ।
শেৱালীৰ কথাত নলিনীৰ মন আৰু অন্তৰ ভৰি যায় । তেওঁ নিজকে বিশ্বাস কৰিব টান পায় । তেওঁ সপোনৰ দেশত বিচৰণ কৰি ফুৰিছে নেকি ? নে ভাল গল্প এটা লিখাৰ বাবে লিখকে এটা ব্যতিক্ৰমী কাহিনী যুগুতাই লোৱাৰ দৰে ভ্ৰম মাত্ৰ । তেওঁ নিজকে চিকুতি চায় ,নাই সকলো চকুৰ সম্মুখতে ঘটিছে । তেওঁৰ ভ্ৰম হোৱা নাই । এই নতুন পৰিৱৰ্তন অহাৰ বেছি দিন হোৱা নাই । পৰীক্ষামূলক ভাবে শেৱালী নীলাক্ষীহঁতে হাতে কামে লাগি গৈছে । নাৰীৰ প্ৰগতি আৰু হিতৰ বাবে পোণ প্ৰথমে নাৰীয়ে ভাবিব লাগিব । নাৰী নাৰীৰ প্ৰধান শত্ৰু । সেই পুৰণিকলীয়া আপদীয়া অপবাদটো প্ৰথমে দূৰ কৰিব লাগিব । কোনো নাৰী নৈতিক ভাবে কোনো নাৰীৰ শত্ৰু হ'ব নোৱাৰে । নাৰী অকল সন্তান জন্ম দিয়া যন্ত্ৰ নহয় । সেইয়া ইতিমধ্যে প্ৰমাণ হৈছেই । তেওঁলোকে মাথো লক্ষ্য প্ৰাপ্তিৰ দিশে নিজৰ কৰণীয় খিনি কৰি যাব লাগে । আজি অত বছৰে শিক্ষয়ত্ৰী চাকৰি কৰি আৰু সভা সমিতি কৰি সমাজে সমাজে ঘূৰি ফুৰাৰ পিছতো নাৰীৰ নামত তেওঁ বেছি এটা একো কৰিব পৰা নাছিল । কিন্তু এতিয়া চাকৰি অৱসৰৰ পিছত যিটো ঢৌ দেখিছে ,সঁচাই তেওঁ স্তম্ভিত ।
  :হেৰা নলিনী, নীলাক্ষীয়ে ভাত বাঢ়ি তোমাক মাতি আছে যে শুনা নাই নেকি ?" আহা ,আটাই কেইজনে একেলগে মিলি খাওঁ । গিৰীয়েক নিপুৱে আহি ক'লে । আৰু হাতত ধৰি উঠাই লৈ গ'ল । ইতিমধ্যে খৰখেদাকৈ নীলাক্ষী আহি সেইখিনি পাইছিল । হাতত এটা পানীৰ গিলাচ আৰু টেবলেট লৈ । মা এই ঔষধ খিনি খাই লওক চোন বুলি খুৱাই দিলে ।
আটাইয়ে খোৱা মেজত বহিছিল মাত্ৰ তেনেতে চিমুৱে বিচনাৰ পৰা সাৰ পাই কান্দি উঠিল । নলিনীয়ে একেদৌৰে গৈ নাতিয়েকক দাঙিব গ'ল । তেওঁ পাহৰি থাকে বয়সে যে ইতিমধ্যে কাবু কৰি ৰাখিছে । তেওঁৰ পিছে পিছে নীলাক্ষী গ'ল আৰু চিমুক দাঙি ললে । 
:মই নিব পাৰিলোহেঁতেন ,তুমি আকৌ কিয় আহিলা?নীলাক্ষীলৈ চাই নলিনীয়ে ক'লে
:হয় মা ,আপুনিয়ে নিব পাৰিলেহেঁতেন যদি ইয়াৰ ওজন নাবাঢ়িলেহেতেন । আৰু এনেও ই আপোনাৰ কোলাত হে বেছি ভাল পায় । কিন্তু আপুনি লক্ষ্য কৰা নাই মা ,সেই ফালৰ খোৱা মেজৰ সকলোবোৰ লাইট জ্বলি থকা নাই । উজুটি খাব পাৰে । সেইবোৰ আমিয়ে বন্ধ কৰি ৰাখিছো । এওঁ ৰান্ধনি ঘৰৰ পৰা ওলাই অহাৰ পিছতহে জ্বলাম ।
:সি আকৌ ৰান্ধনী ঘৰত কি কৰিছে ? তাৰ আৰু ৰন্ধা বঢ়া চখ নগ'ল ? 
হয় মা । তেওঁ ৰান্ধি খুউব ভাল পায় । আৰু আপোনাৰ দৰে সোৱাদৰ আঞ্জা ৰান্ধিব বিচাৰে । আমাকো ৰন্ধনৰ বহু কৌশল শিকাইছে । আজি আপুনি আটাইতকৈ ভাল পোৱা চজিনাৰ সব্জীখন তেওঁ ৰান্ধিছে ।
কথা কৈ কৈ দুয়ো আহি খোৱা মেজৰ ওচৰ পালে । তেওঁলোক সেইখিনি পোৱাৰ লগে লগে নাটকীয় ভাৱে শেৱালী লাইটৰ চুইচৰ ওচৰলৈ গৈ চুইচ দিলে । ৰঙা নীলা হালধীয়া সেউজীয়া লাইটেৰে কোঠাটো উদ্ভাসিত হ'ল । কোঠাৰ বেৰত এখন ডাঙৰ বেনাৰ ।তাতো চিকমিকাই জলিছে কেইটামান বাল্ব ।
ধুনীয়াকৈ লিখা সুন্দৰ হাতৰ আখৰ কেইটা দেখি নলিনী চিনি পালে সেয়া শেৱালীৰ হাতৰ আখৰ । সকলোবোৰ সুন্দৰ আৰু শুদ্ধভাবে লিখা আছে অসমীয়াতে । এই অসমীয়াতে শুদ্ধ বানান আৰু সুন্দৰ ভাবে লিখা ( সকলো ঠাইতে আৰু দোকান পোহাৰত) বেনাৰবোৰ সিদিনা ডাক্তৰৰ ওচৰলৈ যাওতে দেখি তেওঁ আচৰিত হৈ গৈছিল । 
তাৰমানে এতিয়া সকলোৱে কেৱল অসমীয়াত হে লিখিব লৈছে । ক'ব নোৱাৰাকৈ তেওঁৰ মুখৰ পৰা আপোনা আপুনি ওলাই গ'ল "ই কেনেকৈ সম্ভৱ ?
পিছফালৰ পৰা শেৱালী, নীলাক্ষী একেলগে ক'লে , কিয় মা ,কিয় ই সম্ভৱ হ'ব নোৱাৰে ! অসম্ভৱ বুলি কি থাকিব পাৰে ?
হয় মা আপুনি পাহৰি গৈছে, অথবা মনত থাকিলেও ক'ব বেয়া পাইছে ,আপোনাৰ প্ৰকৃত পৰিচয় ,আপোনাৰ জন্মৰ ক্ষণটো ।কিন্তু আমি আপোনাৰ ছোৱালী হৈ সেই কথা পাহৰিব নোৱাৰিম ।যিদিনাই আপোনাৰ ঘৰত ভৰি থ'লো সেইদিনাৰ পৰাই আপোনালোকৰ ছোৱালী হ'লো । মাটিৰ প্ৰতিমাক প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দায়িত্ব আমাৰ ।
ইতিমধ্যে নিলয়ে হাতত এখন ডাঙৰ থালত মাকৰ জন্ম দিনৰ বাবে আনি লুকাই থোৱা কেকটো লৈ ওলাই আহিল ।

✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)