মৰমৰ বৰ্ষপূৰ্তি-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
উভতি যাব পাৰি নেকি
প্ৰেমৰ আধাৰশিলা সজোৱা দিনবোৰলৈ,
চেপি ৰখা মৰমবোৰৰ সাক্ষী হ'ব
পানবজাৰ, জলপৰী অথবা কলেজ কেন্টিণ ৷
তেতিয়াৰ দৰেই উদযাপন কৰিম যৌৱন আৰু
সপোনবোৰো একেদৰেই দেখিম,
সেই যে তোমাৰ কপালত ৰঙা বেলি অঁকা সপোনটো..
নহ’লে থাকক দিয়া
সেই আৱেগবোৰ তেনেদৰেই থাকক
ৰখীয়া হৈ থাকক আমাৰ হৃদয় দুখন ৷
আহা, উদযাপন কৰোঁ
দুয়ো এক হোৱাৰ সময়বোৰ,
সপোনবোৰক থানথিত লগাই
উদযাপন কৰোঁ আহা জীৱন
যুগ যুগলৈ
এতিয়াৰদৰেই দুয়ো একেলগে..

(৬ ডিচেম্বৰ, পঞ্চম বিবাহ বাৰ্ষিকী উপলক্ষেে মৰমৰ পত্নীৰ হাতত..)

✍️ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)