এচপৰা শিল-বিনিতা বৰা

©Admin
0
চিপচিপিয়া----------
বৰষুণৰ সন্ধিয়া,
জন সমুদ্ৰৰ মাজত
হঠাৎ যেতিয়া বাৰিষাৰ বানে
আৱৰি ধৰে !

আশাবোৰে---------
হেচি ধৰে
শেলুৱৈ পৰা শিল হৈ বুকুত ।

বানে----------
এৰি যোৱা 
পলসুৱা মাটিত
ব'তাহে সিঁচি দিয়ে,
প্ৰকৃতিৰ সেউজীয়া বীজ ।

শেলুৱৈ ধৰা---------
শিলৰ ফাঁকে ফাঁকে
গজালি মেলে বুকুত, আশাৰ নতুন সপোন ।

✍️বিনিতা বৰা
হোজাই জিলা,লংকা-কাকী-3
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)