সুখ-দুলুমণি শৰ্মা

©Admin
0
তোৰ সুখবোৰ দেখিলে মোৰ দুখৰ ঘাঁবোৰ শুকাই যাব
তোৰ দুখবোৰ মই হজম কৰিব নোৱাৰোঁ, 
আজিকালি ঈশ্বৰৰ ওচৰলৈ প্ৰাায়ে যাওঁ,
ঈশ্বৰক লগ পাবলৈ হাত যোৰ কৰি মিনতি কৰোঁ। 
ঈশ্বৰ নাহে,লগ নাপাওঁ ৷
বিৱৰ্ণ মুখ এখন লৈ উভতি আহোঁ যোৱা বাটেৰে...
মোৰ বিশ্বাস আছে এদিন ঈশ্বৰক লগ পাম হাতযোৰ কৰি মিনতি কৰিম 
আৰু সুধিম,
কি দোষ আছিল তোৰ মিছাতে দোষবোৰ জাপি দিবলৈ ?
হে ঈশ্বৰ তুমি সুখৰ পঁজাত বহি দুখৰ ৰচনা কিয় লিখা??
আমিবোৰৰ দৰে নিঃকিনৰ কঁপালবোৰত অকন সুখ দিয়া প্ৰভু !
দুখৰ ঘাঁবোৰ শুকাই সুখৰ ছায়া দিয়া।

✍️দুলুমনি শৰ্মা 
টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)