চিঠিৰ ভাজত গল্পৰ প্ৰয়াস~গল্প- জহিৰুল ইছলাম

©Admin
0
"সাৰে আছে জনতা,
নাশিব পৰা নাই এন্ধাৰেও
উজাগৰৰ তীব্ৰতা ।
প্ৰশ্নৰ শিতানত: প্ৰলয় কেতিয়া আহিব,-গঢ়িব ধৰ্মান্ধতাৰ কঠিয়াতলীত মানৱতাৰ সোণোৱালী শইচ"।

শ্ৰদ্ধাস্পদ দেউতা,
    
               মোৰ আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিবা । আশাকৰোঁ মা, আৰু ভন্টীহঁতৰ লগতে তুমিও কুশলেই আছা ।ময়ো তোমালোকৰ আৰ্শীবাদ আৰু ঈশ্বৰৰ কৃপাত কুশলেই আছোঁ।
        
               আজি বহু দিনৰ মুৰত তোমালৈ এখন চিঠি লিখিবলৈ বহিলোঁ । ৰাতিপুৱাই আজি বৰকৈ বৰষুণ দিছে । মোৰ লগৰ কোনোৱে নাই , সিহঁত কেতিয়াবাই ঘৰলৈ গুচি গ'ল। ময়ো যাব বিচাৰিছিলোঁ কিন্তু নোৱাৰিলোঁ । কিয় নোৱাৰিলোঁ, নকওঁ দেউতা। তই আকৌ চিন্তাত পৰিবি,সেয়েহে থাকক।  
          
           দেউতা তুমি কোৱা কথাবোৰ আজি বৰকৈ মনত পৰিছে। জানা দেউতা,তুমি যে কৈছিলা,"বোপা চহৰলৈ গৈ মিলা-প্ৰীতিত থাকিবি, লগৰীয়াহঁতৰ সুখ-দুখ, বিপদ-আপদ একেলগে ভগাই ল'বি।মুঠতে মানুহ হিচাপে থাকিবি, আৰু সময়ে-সময়ে খবৰ জনাই চিঠি এখনকৈ পঠাবি।" কিন্তু তুমিতো নাজানা দেউতা, তুমি কোৱা কথাবোৰ চহৰবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। সেয়া এতিয়া কিতাপৰ পৃষ্ঠাতহে উপলব্ধ ।
          
             দেউতা, মই ইয়াত অহাৰ পৰাই এটা বস্তু লক্ষ্য কৰিছোঁ- কি জানানে ? ইয়াতচোন মানুহ নাথাকে ,যিদৰে মানুহ থাকে গাওঁবোৰত। কিয় কৈছোঁ জানানে: মই ইয়াত আহি মুছলমান হৈ গৈছোঁ । ৰমেন,দিলীপহঁত এতিয়া হিন্দুহৈ পৰিছে। আমাৰ পৰিচয় এতিয়া মানুহ নহয়, হিন্দু নতুবা মুছলমান হে । ৰাজনৈতিক নেতাৰ সহজলভ্য সংলাপ - হিন্দু আৰু মুছলমান লগতে পাবত গজা ধৰ্মৰক্ষকৰ কথাবোৰ নকলোৱেই বা । সিহঁতৰ কথাবোৰ শুনিলে ভাব হয় দুই-এদিনতে আমি বোৰ বিলুপ্ত হ'ম পাহৰণিৰ গৰ্ভত। যিদৰে ডাইন'চৰবোৰ বিলুপ্ত হৈছিল এটা সময়ত। তুমিতো এইবোৰ নাজানা দেউতা। ভাগ্য ভাল আমাৰ গাঁৱত টিভি নাই ।টিভিত বৰ্তমান দেশৰ খবৰৰ নামত চলে হিন্দু-মুছলমানৰ বিতৰ্কমূলক অনুষ্ঠান। সিহঁতক দেখাত সাইলাখ মানুহৰ দৰেই দেখি । অংগ-প্ৰতংগ মানুহৰ দৰেই, কিন্তু সিহঁত জানো মানুহ ? কেতিয়াবা প্ৰশ্ন জাগে মনলে। যি সকলে মানুহৰ মনত মনোৰঞ্জন যোগোৱাৰ লগতে অবিবেচকৰ পাঠ পঢ়ায়। 
         
           সিদিনা পাচলি আনিব যাওঁতে পাচলিৰ দোকানীজনে মোৰ নামটো সুধিছিলে । মই মোৰ নামটো কোৱাত অলপ আচৰিত আৰু শংকা ব্যক্ত কৰিলে । মই বুজি উঠাৰ আগতেই দ্বিতীয়বাৰ নাযাবলৈ পৰামৰ্শদি পলিথিনৰ মোনাত পাচলি খিনি ভৰাই দি বিদায় দিলে । তাৰ পাছত খবৰ পালো দোকানীজনক বৰ বেয়াকৈ মাৰ-ধৰ কৰি পাচলি খিনি নৰ্দমাত পেলাই দিলে। কি আচৰিত নহয়নে দেউতা ?
       
              আন এদিনাখন মই আৰু মোৰ লগৰ দুজনে চাৰিআলিৰ পৰা ৰেচনলৈ আহি থকা অৱস্থাত ৰাস্তাৰ দাঁতিত ঠেলা লগাই ফল বিক্ৰীকৰা তোৰ বয়সৰ মানুহজনক মোৰ বয়সৰ ল'ৰা কেইজনমানে বৰ বেয়াকৈ মাৰ-পিট কৰি ফলবিলাক ৰাস্তাত দলিয়াই দিলে । অপৰাধ কি আছিল ? মই বাধা দিবলৈ যাওঁতে মোকো বেয়াকৈ পিটিলে । ভাগ্য ভাল যে মোৰ লগত ৰমেন আৰু হাবিব আছিল। সিহঁতৰ অনুৰোধত আৰু পুলিচৰ গাড়ী আহি পোৱাতহে ৰক্ষা। এতিয়া তুমি কোৱাচোন দেউতা, কিদৰে আমি মিলা-প্ৰীতিত থাকিম ? মই ছাগে ইয়াত নাথাকো লগতে ৰমেন,দিলীপ আৰু হাবিবকো লগত লৈ যাম। কাৰণ আমি সৰুৰেপৰাই একেলগে ডাঙৰ হৈছোঁ। আমাৰ ঘৰৰ সমস্যা সিহঁতৰ সমস্যা বুলি জ্ঞান কৰা আৰু সিহঁতৰ সমস্যা আমাৰ সমস্যা বুলি তৎপৰতাৰে সমাধানৰ দিহা কৰা আৰু আমাৰ মাজত যি ভালপোৱাৰ এনাজৰী আছিল বৰ্তমানেও আছে সেয়া কেতিয়াও ধ্বংস হ'ব নিদিওঁ। লাগিলে আমি লঘোনেই থাকিম তথাপি থাকিব শান্তি, থাকিব মিলা-প্ৰীতি । ভাবিছোঁ ঘৰত গৈ আমি সকলোৱে মিলি এখন ডাঙৰকৈ কুকুৰা ফাৰ্ম খুলিম । তুমি অনুমতি দিবা লগতে ৰমেন,দিলীপ, হাবিবৰ দেউতাকৰ লগতো এই বিষয়ে জনাবা ।আজিলৈ এৰিছোঁ দেউতা । ভুল হ'লে ক্ষমা কৰিবা।

পুনঃ তোমাৰ লগতে ঘৰৰ আটাইকে মৰম আৰু ভালপোৱাৰে সামৰিছোঁ। 
      শেষত তোমাৰ সৰ্বাংগীন কুশল কামনাৰে----
                                                     তোমাৰ বিশ্বাসী 
                                                              জাহিৰ
                                                                 অসম

✍️জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)