আপুনি বাৰু আপোনাৰ পত্নীৰ~মনৰ কথা- হেমেন হাজৰিকা

©Admin
0
  আপুনি বাৰু আপোনাৰ পত্নীক কিমান ভাল পায় ? কিমান মৰম কৰে ? এইটোনো বাৰু সুধিব লগা কথানে ? আপুনি ভাল পাবই , মৰম কৰিবই কাৰণ তেখেত আপোনাৰ ধৰ্ম পত্নী , প্ৰিয়তমা , অৰ্ধাংগিনী | এটা মুদ্ৰাৰ ইপিঠি সিপিঠি আপোনালোক ।
    একেলগে ফুৰিবলৈ যায় , বাহিৰত লাঞ্চ, ডিনাৰ কৰে , টি ভি চাই , বিয়া খবলৈ যায় এনে আৰু বহু কাম আপুনি আপোনাৰ পত্নীৰ লগত কৰে | পত্নীৰ অসুখ বিসুখ হ'লে আপোনাৰ গাত তত্ নাইকীয়া হয় , কি কৰিব কি নকৰিব , কোন ডাক্টৰক দেখুৱাব ক'লৈ নিব চিন্তাৰ শেষ নাই | এয়া এজন দায়িত্বশীল স্বামীয়ে পত্নীৰ প্ৰতি কৰিব লগীয়া কৰণীয় স্বভাবিক কৰ্তব্য | 
     এগৰাকী নাৰীৰ এটা অনন্য গুণ আছে যিটো পুৰুষৰ নাই | সেইটো হৈছে এগৰাকী নাৰী প্ৰতি মাহে ৰজস্বলা হয় | এই সময়চোৱাত নাৰী গৰাকীয়ে কেনে অনুভৱ অনুভৱ কেনে অসুবিধা আৰু কেনে প্ৰতিক্ৰিয়া হয় তেখেতৰ শৰীৰত কেনে অনুভৱ কৰে সেয়া বাৰু এগৰাকী দ্বায়িত্বশীল স্বামী হিচাবে খবৰ ৰাখেনে ? সেই নিৰ্দিষ্ট সময়খিনিত তেখেতক স্বাস্থ্য সন্মত বিধি পালন কৰিব দিয়েনে ? পুষ্টিকৰ আহাৰ যোগান ধৰেণে ? স্বাস্থ্য সন্মত ভাৱে আৰামত থাকিবলৈ দিয়েনে ? নিশচয় এই কামখিনি আপুনি এশ শতাংশই কৰে | এই সময়খিনিত নাৰী সকলৰ যৌনাংগইদি দূষিত তেজ নিঃসৰণ হয় | তাৰবাবে তেখেতে কি ব্যৱস্থা গ্ৰহণ কৰে আপুনি বাৰু কেতিয়াবা সুধিছেনে ? তেখেতে হয়তো পুৰণি ব্যৱহাৰ নোহোৱা কাপোৰ ব্যৱহাৰ কৰে | তাৰ ফলত তেখেতৰ কেনে ধৰণৰ কি হ'ব পাৰে সেই কথা ভাবি চাইছানে ? তেখেতক কেতিয়াও তেনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিদিব | Infection হৈ কেতিয়াবা মাৰাত্মক ৰোগে বাহ ল'ব পাৰে | তেতিয়া কি হ'ব ভাবি চাব চোন কেইটামান টকাৰ বাবে পিছত পস্তাব নালাগিবনে ? আপোনাৰ পত্নীক বুজাই দিব তাৰ পৰা হ'ব পৰা আন ধৰণৰ হ'ব পৰা অসুবিধাৰ কথা | আজি কালি বজাৰত সম্পুৰ্ণ Hygienic আৰু সুৰক্ষিত চেনিটেৰী নেপকিন বজাৰত কিনিবলৈ পোৱা যায় | সেইবোৰ ব্যৱহাৰ কৰিবলৈ দিব | তেতিয়া আপোনাক হয়তো ক'ব , আপুনি মোক বজাাৰৰ পৰা সেই বস্তু কিনি দিব পাৰিব জানো?আপোনাৰ পত্নীৰ স্বাৰ্থত | নে আপুনি লাজ কৰিব ? ইয়াত লাজ কৰিব লগা কি আছে ? এইটো এটা এগৰাকী নাৰীৰ স্বাভৱিক প্ৰক্ৰিয়া | তাক সকলোৱে জানে | আপুনি যদি কনডম কিনিব পাৰে, চেনিটেৰী নেপকিন কিনিব কিয় নোৱাৰে | 
    তাৰ দ্বাৰা আপোনাৰ মহানতা প্ৰকাশ পাব | সেইটো আপুনি কিনিব নোৱাৰে বুলি কথা নাই | লাজ নকৰিব , আপোনাৰ পত্নীৰ স্বাৰ্থত আপুনি সেইটো কৰক | আনকো কৰিবলৈ উদগনি জনাওক | যাৰ জৰিয়তে আপোনাৰ পত্নী সুৰক্ষিত হৈ থাকিব | স্বাস্থ্যৰ ফালৰ পৰা | লগতে আপোনাৰো দ্বায়িত্ব শীলতা , পত্নী প্ৰেম সুন্দৰকৈ প্ৰকাশ পাাব | আপুনিও দোকানলৈ গৈ পত্নীৰ বাবে চেনিটেৰী নেপকিন কিনিবলৈ নিঃসংকোচে যাওক লগতে আপোনাৰ বন্ধু জনকো কিনিবলৈ কওক |

✍️হেমেন হাজৰিকা
 মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)