আজি মামাহঁতে আমাক ঘৰ যাব নিদিলে। দুপৰীয়াৰ ভাত খাই দেউতাই শুই থাকিলে। ডাঙৰ মামা আৰু মাজু মামাহঁতে ঘৰত নাই। দুপৰীয়াৰ ভাত ডাঙৰ মামীয়েই বনালে। সৰু মামা আৰু মই আবেলি ওলাই আহিলো বাগানলৈ। গাড়ী মইয়েই চলাইছো। মামাই মোক ঠাই বিলাক দেখুৱাই কিবা কিবি কৈ আছে। গাড়ীখন মই বাগানৰ একাষৰীয়া ঠাই এডোখৰত ৰখালো। মই গাড়ীখন ৰখোৱা দেখি মামাই মোক ক'লে
: আৰে ভাগিন কি হ'ল তোমাৰ। গাড়ীখন কিয় ইয়াত ৰখালা।
মই মামাক ক'লো
: অ মামা বাগানৰ মানুহ বোৰ কিয় ইমান লেতেৰা হৈ থাকে।
মোৰ প্ৰশ্নৰ উত্তৰত মামাই ক'লে
: ভাগিন ইয়াৰ মানুহবোৰ ব'ৰ বেছি শিক্ষিত নহয়, আৰু ইয়াত মানুহবোৰে চহপাত তুলি চাহপাত বেছি খাই। ইয়াৰ মানুহবোৰ বৰ দুখীয়া।
মই গাড়ীৰ ভিতৰৰ পৰা বাহিৰ ওলাই আহিলো। মামায়ো ওলাই আহিল। পশ্চিমৰ আকাশখন ৰঙা হৈছে। হয়তো কিছু সময় পাছত সন্ধিয়া নামিব। মই অলপ সময় বাগানৰ দৃশ্য চাই থাকিলো। মানুহবোৰ ঘৰলৈ উভতিছে বাগানৰ পৰা। তিৰোতা বোৰে মুৰত, বোকচাত টুকুৰিবোৰ লৈ লৈ আহি আছে বাগানৰ মাজে মাজে সেউজীয়া পাতৰ আৰে আৰে। এনেতে হঠাত এটা গানৰ কলি মোৰ কানত পৰিল।
মই মামাক সুধিলো
: মামা আপুনি গানটো শুনিছেনে। কিমান শুৱালা মাত।
মোৰ কথা শুনি মামাই হাঁহি এটা মাৰি মোক ক'লে
: ভাগিন তুমি দেখোন ভাল গান গোৱা নহয় জানো, ব'লা তোমাক আজি এজন মানুহৰ লগত চিনাকি কৰাই দিম। ওহোঁ মানুহ নহয়। ছোৱালী এজনি। এই বাগানৰ ধুনীয়া ছোৱালী যাৰ কণ্ঠত প্ৰাণ পাই উঠে বাগানৰ প্ৰতিজনৰ মানুহৰ হৃদয়।
মই আচৰিত হ'লো মামাই এতিয়া মোক কাৰ লগত চিনাকি কৰাই দিয়ে। মই ভাবি পোৱা নাই। মামাই মোক ওচৰৰ এঘৰ মানুহৰ তাত লৈ গ'ল। আমি গাড়ীখন মানুহ ঘৰৰ পদূলিত ৰখাই আমি গাড়ীৰ পৰা নামি মানুহ ঘৰত সোমাই গ'লো। মানুহ ঘৰত সোমৱাৰ লগে লগে মানুহ ঘৰৰ আটাইবোৰ মানুহ দৌৰি আহিল। মামাই নমস্কাৰ জনাই পৰিচয় দিলে মোক দেখুৱাই মামাই ক'লে
: এইজন মোৰ অৰ্ণব চাহাবৰ ল'ৰা।
মামাই দেউতাৰ নামটো কৈছে অৰ্ণব চাহাব বুলি। কাৰন দেউতাই এসময়ত এই বাগানৰ বিষয়া আছিল। মামাই মোক চিনাকি কৰাই দিয়াত মই সকলোকে নমস্কাৰ জনালো। ওচৰত বহি থকা এজন মানুহে মোৰ ফালৰলে চাই ক'লে
: অৰ্ণব চাহাব বেটে বিলকুল অৰ্ণব চাহাব কে যেচে হ্যা।
: হা চাচা। মামাই মানুহজনক ক'লে।
আমাক চাবলৈ গাওঁৰ সকলো মানুহ জুম পাতিলে। মই দেখি আচৰিত হৈ পৰিলো। কিছু পৰৰ পিছত
মামাই শুধিলে
মামাই বাগানীয়া ভাষাতে সুধিলে
: আপনাদেৰ চনীয়া মেম হে নাই।
মামাৰ কথাত এজনী তিৰোতাই ক'লে
: হে হে কিলে নাই ৰহত। ৰ হাম সাকাই দিহি। অৰে চনীয়া অৰে চনীয়া ভিতৰ চে নিকেল আইত্ ৰে।
ছোৱালী এজনীয়ে ভিতৰৰ পৰা ওলাই আহিল। মই ছোৱালীজনীক দেখি চিনি পালো। ৰাতিপুৱা বাগানত দেখা ছোৱালীজাকৰ ভিতৰত এই ছোৱালীজনীও আছিল। মামাই মোক এই ছোৱালীজনীৰ ওচৰলৈ মোক কিয় আনিছে। মই একো বুজা নাই ।
ছোৱালীজনীয়ে আহি পোৱাৰ লগে লগে মহিলা গৰাকীয়ে মোক দেখুৱাই ছোৱালীজনীক ক'লে
: দেখত অখন অৱৰ্ণ চাহাবেৰ লেৰকাটা তকে খইজ আইহে।
ছোৱালীজনীয়ে আমাক নমস্কাৰ কৰিলে আৰু আমাৰ লগত অসমীয়াত কথা ক'লে
মামাই মোক ক'লে
: ভাগিন তেতিয়া যে তুমি গান শুনিছিলা এয়া সেই গানৰ গৰাকী চনীয়া।
মই ছোৱালীজনীৰ ফালে চালো। এটি ফ্ৰক পিন্ধিছে চুলিখিনি দুফলীয়াকৈ বেনী গুঠিছে। তাইৰ কাজল বিহীন চকুযু্ৰীয়ে তিৰবিৰ কৰি আছে। মই নমস্কাৰ জনাই মোৰ পৰিচয় টো দিলো। আৰু ক'লো
: আপোনাৰ কণ্ঠত যাদু আছে। ইমান ধুনীয়া কণ্ঠ আপোনাৰ। শুনি থাকিলে হেঁপাহ নোপোলাই।
ছোৱালীজনী্য়ে একো কোৱা নাই মাথো মোৰ ফালে চাই হাঁহিছে।
ওচৰত বহি থকা মহিলা গৰাকীয়ে ক'লে
: তহনি ব ইচ থৌৰা হাম আয়ত্ হি।
মামাই ক'লে
: হত ঠিক আহে।
কিছু সময় চনীয়া নামৰ ছোৱালীৰ সৈতে আমি গানৰ কথা পাতিলো।
সন্ধিয়া নামিব আৰাম্ভ কৰিছে। বেলিটো অস্তমিতৰ আকাশত নাইকিয়া হ'ব ধৰিছে।
মামাই ক'লে
: অভি ত হামি আয়হি দেৰি হৌয়ত হে চাঝি হয়ল্ । মামাই তেনেকৈ কোৱাত আহি বহাৰ পৰা উঠিলো
মহিলা গৰাকীয়ে ক'লে
: ঔৰ কেখন আবে ৰে হামাৰ ইয়ামে।
মামাই ক'লে
: হত দে কাকি।
আমি ওলাই আহিলো মানুহ ঘৰৰ পৰা। চনীয়া নামৰ ছোৱালীজনী বহুত ধুনীয়া। বাগানীয়া ছোৱালী যেন নালাগে।
মামা আৰু মই গাড়িত উঠিলো। আৰু আমি আহি থাকিলো বাগানৰ লাইনৰ মাজেৰে ।
আগলৈ ..
✍️সঞ্জীত দাস
পাটাছাৰকুছি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ