হৃদয়ে হৃদয়ে ফুলিব সুখৰ ফুল-মনচুমী কলিতা নাথ

©Admin
0
নিসংগতাৰ কলীয়া এন্ধাৰ সাৱটি লৈ 
বিষাদৰ লুণীয়াত ডুব যোৱা কিয় 
মনৰ চকুৰে চোৱাচোন এবাৰ 
চৌপাশে উৰি আছে এজাক সপোন 
তোমাক আঁকোৱালি ল'বলৈ ।
খুলি দিয়া হৃদয়ৰ ৰুদ্ধ দুৱাৰ 
পাৰ ভাঙি বৈ যাওক 
বিষাদৰ বান্ধ 
দুখৰ হিমালয় গলি গলি 
কবৰস্থ হওক
 সাগৰৰ অটল গহ্বৰত চিৰদিনলৈ ।
ফুলি উঠক সুখফুল 
মনৰ বাকৰিত 
সুবাস বিয়পি পৰক হৃদয়ৰ গভীৰলৈ ।
প্ৰসাৰিত বন্ধুত্বৰ উমাল হাতেৰে 
বাকি দিম এপিয়লা সুখ 
দিয়া যদি প্ৰতিশ্ৰুতি আজীৱন বন্ধুত্বৰ 
দিব পাৰোঁ এবুকু উষ্ম আলিঙ্গন 
এমুঠি সেউজীয়া উশাহ 
একাঁজলি ৰং মোৰ জীৱনৰ ।
 কুণ্ডলি পকাই উৰি গুচি যাব 
বেদনাৰ ধোঁৱাবোৰ আকাশৰ সিপাৰলৈ 
নানাৰঙী সুখফুল ফুলিব হিয়াত 
হৃদয়ে হৃদয়ে গঢ়ি উঠিব
একোখনি সুখৰ আলয় ।
                                                 
✍️মনচুমী কলিতা নাথ 
যোৰহাট 
                                               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)