সঁচাই ৰহস্যময় এই জীৱন।জীৱন নামৰ এই প্ৰহেলিকাত প্ৰতিটো খোজত বিয়পি থাকে অসংখ্য ৰহস্যৰ থুপি।প্ৰত্যেকৰে থাকে একো একোটা নোপোৱাৰ দুখ।বহুতো অপূৰ্ণ সপোনৰ জীৱাষ্ম।স্মৃতি হৈ মাথো ৰৈ যায় হৃদয়ৰ ডায়েৰীত।কোনোবা নোপোৱাৰ দুখত দুখী।আনজনে পাই হেৰুৱাৰ বেদনাত অসুখী।বিৰামহীনতাৰ গতিশীল সময়ত প্ৰত্যেকেই আঁকোৱালি লয় সময়ৰ উপহাৰক।পোৱা নোপোৱাৰ দোমোজাৰ মাজত ওলমি ৰোৱা মানৱ সত্ত্বাৰ প্ৰতিটো ক্ষণ যে অনিশ্চয়তাৰে আগুৰা।
✍️প্ৰীতিষ্ণা শইকীয়া দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ