ভালপোৱা-লক্ষীৰাম কুৰ্মি

©Admin
0
সিদিনা তোমাক প্ৰথম
লগ পাইছিলোঁ
তুমি কৈছিলা তাৰ 
লগত তোমাৰ চিনাকি
কিমান দিন।।
মই উত্তৰত কৈছিলো
সি মোৰ বন্ধু 
আমি একেলগৰে।।
সিদিনাৰ পৰাই 
তোমাৰ আৰু মোৰ
বন্ধু সম্পৰ্ক গঢ়ি উঠিছিল।।
কিছুদিন পাৰ হৈ গৈছিল
বন্ধুত্ব ৰ সম্পৰ্কৰে।
হঠাৎ এদিন জোনাকৰ
ৰশ্মি হৈ আহি কৈছিলা।।
তোমাক মই প্ৰথমতে 
দেখিব নোৱাৰা আছিলোঁ
তোমাক দেখিলে খং উঠিছিল।।
এতিয়া তোমাক এদিন
নেদেখিলে মই থাকিব নোৱাৰোঁ।
তোমা কথাই মনত পৰে
তোমাকে দেখি পাওঁ।
তাইৰ অনুভৱ শুনি
মইও তাইৰ প্ৰেমত পৰিছিলোঁ।

✍️লক্ষীৰাম কুৰ্মি
শাওঁতলী চাহ বাগিছা, গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)