এটি আবেলি-অংকুৰ শইকীয়া

যান্ত্ৰিকতাৰ চঞ্চলতাক পৰিহাস কৰি 
নিৰ্জনতাৰে আৱৰা এটি আবেলিৰ সৈতে এদিন লগ হ'ম
য'ত তুমি ,মই আৰু আমাৰ আবেলিটো
সেই যে আবেলিটো,
নীলা আকাশখন ,নিৰ্জনাত বোৰ একান্তই ব্যক্তিগত হ'ব 

মই বেসুৰা সুৰত গাম হেৰৌ বাঁহী তোক বৰ ভাল দেখি
তুমি খিল খিলাই হাঁহি দিবা মই আকৌ এবাৰ তোমাৰ প্ৰেমত পৰি যাম।।।

সময় বোৰ আগবাঢ়ি গৈ থাকিব ঠিক আমাৰ ভাল পোৱা বোৰৰ দৰে।
তোমাৰ লাজত ৰঙা পৰি থকা গাল দুখনিক সম্ভাষণ জনাই বেলিটো ডুব যাব ।।
আৰু মই এপাহ ৰজনীগন্ধা খোপাত গুঁজি দি
তোমাক সোণত সোৱগা চৰাম।

সন্ধিয়াৰ মৃদু বতাহ জাকত তোমাৰ দুপাত্তা খনি উৰি যাব 
আৰু তুমি লাজৰ বন্যা সাজি চাওঁ নেচাওকৈ মোলৈ চাবা  
আৰু মই একান্ত হৈ চাই ৰ'ম তোমাৰ লাজে ভৰা মুখখনিক।।

এনেকৈ সময় বোৰ ক্ৰমাৎ হেৰাই যাব আবেলিটোৰ সৈতে
মাথোঁ থাকি যাব আমাৰ ভালপোৱাবোৰ 
তুমি মোৰ হৈ ৰ'বা 
আৰু মই তোমাৰ ।।

✍️অংকুৰ শইকীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send