তুমি কিয় এনে কৰিলা ০৪~ উপন্যাস- সঞ্জীত দাস

©Admin
0
গাৱঁলীয়া আলিব‍াট ওখোৰা-মোখোৰা। আলিবাটৰ দুয়োকাষে চাহ পাতৰ গছৰে ভৰপূৰ।চাহপাতৰ গছবোৰৰ মাজে মাজে ওখ ওখ কিছু গছ আছে। গাছৰ তলত দুই এজনী তিৰোতাই মুৰত টুকুৰি লৈ চাহপাত তুলি আছে। দুই এজন মানুহ আহি টুকুৰিবোৰৰ পৰা চাহপাতবোৰ পলিথিনত ভৰাই পেকেট কৰিছে, হয়তো চাহপাতবোৰ তিৰোতা কেইজনে মানুহ কেইজনৰ হাতত বিক্ৰী কৰিছে। মই আৰু দেউতাই আহি আছোঁ মামাহঁতৰ ঘৰলৈ। মই চাহ বাগান বহুত ভাল পাওঁ। বাগানৰ সেউজীয়াৰ মাজত বিলীন হ'ব খোজো। সৰু থাকোঁতে সৰু মামাৰ লগত আহি মই বাগানৰ সৌন্দৰ্য্যত আত্মবিভোৰ হৈ পৰিছিলো। কিমান ভাল লগা আছিল অতীতৰ সেই দিনবোৰ। বাগনৰ সেউজীয়া মাজত মই আজি আহি নিজকে যেন সুখী অনুভৱ কৰিছো। আমাৰ গাড়ীখন কিছুদূৰ আহি বাগানৰ মাজ প্ৰান্ত পালে। মই দেউতাক ক'লো 
: দেউতা গাড়ীখন অলপ ৰখাবচোন। বাগানৰ ফটো কেইটামান উঠোৱাও।
     মোৰ কথা শুনি দেউতাই গাড়ীখন এজোপা কৃষ্ণচূড়াৰ তলত ৰাখি দিলে। মই গাড়ীৰ ভিতৰৰ পৰা ওলাই আহিলো। ওলাই অহা মাত্ৰকে মোৰ গাত পছোৱা বতাহ এজাকে চুমি গ'ল। আমাৰ গাওঁ আৰু এই গাওঁৰ যেন বিচিত্ৰ্য আছে। মই চাৰিওফালে চকু ফুৰালো। মই যেনি ফালে চাওঁ সেই ফালেই সেউজীয়া মাথো সেউজীয়া। কেমেৰাটো উলিয়াই লৈ বাগানৰ কেইটামান ফোটো স্লিপ ল'লো। পছোৱা বতাহজাক বলি আছে মৃদু মৃদু কৈ। চৰাইবোৰে গাছৰ আঁৰৰ পৰা চিঞৰি আছে। গছৰ এটি দুটিকৈ পাত বতাহত উৰি আহি মাটিত পৰিছে। হঠাত মোৰ চকুত পৰিল কেইজনী মান ছোৱালীয়ে মোৰ ফালে চাই চাই হাঁহি আছে। সিহঁতৰ মূৰত প্ৰত্যকেৰে এটাকৈ টুকুৰি । মোক ফটো উঠোৱা দেখি হাঁহিব পাৰে চাগৈ। মই লাজুক লাজুক কৰি হাঁহি থকা ছোৱালী কেইজনীৰ এখন ফটো তুলিলো। মই ছোৱালী কেইজনীৰ লগত চিনাকি হ'ম বুলি ভাবি লাহে লাহে গৈ অ‍াছো সিহঁতৰ ফালে। এনেতে দেউতাই মোক গাড়ীৰ ভিতৰৰ পৰা মাতিলে।
: বাবা তোৰ হৈছে নে? আহ আকৌ। পলম গৈছে। 
       মই দেউতাৰ কথা শুনি ছোৱালীকেইজনী কাষলৈ ন'গলো। গুচি আহিলো গাড়ীৰ ওচৰলৈ। কেমেৰাটো গাড়ীৰ ভিতৰত থৈ। পকেটৰ পৰা মোবাইলটো উলিয়াই গাড়ী আৰু বাগানৰ সৈতে মোৰ এখন চেল্ফি মাৰিলো, মই চেল্ফি মৰা দেখি ছোৱালীকেইজনীয়ে আকৌ হাঁহিলে। মোৰ অলপ ছোৱালীকেইজনীৰ ওপৰত খং উঠিল। মই গাড়ীৰ ভিতৰত উঠি দেউতাক ক'লো 
: দেউতা ব'লক।
দেউতাই গাড়ীখন start কৰি উঠি মোক ক'লে
: বাগানৰ ফটো উঠালা নে বাবা।
মোৰ খং খিনি দমাই দেউতাক ক'লো
: উম উঠালো। এতিয়া ব'লক।

       আমি আহি থাকিলো বাগানৰ মাজে মাজে । কিছু দূৰ আহি অমাৰ গাড়ীখনে এইবাৰ বাগানৰ একেবাৰে সৰু ৰাস্তা এটা ল'লে। যিটো ৰাস্তাক বাগানীয়া সকলে লাইন বুলি কয়। আমাৰ মামাককাই এই বাগানতে কাম কৰিছিল। দেউতাই একসময়ত এই বাগানৰে বিষয়া আছিল। মামাহঁতৰ ঘৰ বাগানত নহয়। মামাহঁতৰ ঘৰ বাগানৰ পৰা অলপ আঁতৰত। বাগানৰ পৰা দুখন গাওঁ পাৰ হ'লেহে মামাহতঁৰ ঘৰ পায়। মামাহতঁৰ গাওঁৰ মানুহে ধান , আলু , কবি , মূলা আদি সময় অনু্যায়ী বিভিন্ন ধৰণৰ খেতি কৰে। আমাৰ গাড়ীখন বাগানৰ লাইনৰ পৰা আহি মামাহঁতৰ গাওঁৰ ৰাস্তা পালে। প্ৰায় দুইবছৰ হ'ল মই মামাহঁতৰ তাত নহা। আজি আহি গাওঁখন কিবা পৰিৱৰ্ত্তন পৰিৱৰ্ত্তন লাগিছে। আমাৰ গাড়ীখন আহি মামাহতঁৰ পদূলিত ৰ'ল। আৰু আইতাই আমাৰ বাবে পদূলিত বাট চাই আছে। ককা নাই ককা ঢুকোৱা তিনি বছৰ হ'ল। আইতাই মোক বহুত মৰম কৰে। দেউতাই একাশৰীয়া কৰি গাড়ীখন ৰখালে। মই গাড়ীৰ পৰা নামিলো। দেউতায়ো গাড়ীৰ পৰা নামি আহিল। মই আইতাক সাৱটি ধৰিলো। ডাঙৰ মাামী ওলাই আহিল সৰু মামাইয়ো ওলাই আহিল। মোক মামাই আহিয়েই ক'লে । 
: আমাৰ ভাগিন দেখোন বহুত ডাঙৰ হ'ল। 
মামাৰ কথাত মোৰ লাজ লাগিল অলপ। দেউতাই গৈ আইতাক সেৱা এটা কৰিলে।
সৰু মামাই ক'লে দেউতাৰ ফালে চাই ক'লে 
: ভিনিদেউ গাড়ীখন ভাল লাগিছে কিমান ল'লে। 
দেউতাই ক'লে
: ৬ লাখ মোটামুটি। 
মামাই ক'লে 
: ভাগিনে গাড়ী চলাব জানে নে নাই।
মামাৰ কথা দেউতাই ক'লে 
: জানে জানে আজি কালিৰ ল'ৰা হৈ গাড়ী চলাব নেজানিব নে? 
ডাঙৰ মামীয়ে মূৰত ওৰণিখন লৈ দেউতাক ক'লে 
: ভিনিদেউ এতিয়া ইয়াতে থাকিব নে ভিৰতৰলৈ যাব। 
দেউতাই ক'লে 
: উম ব'লা ব'লা 
আমি আটাইকেইজন ভিতৰত সোমালো ।

আগলৈ .......

✍️সঞ্জীত দাস
পাটাছাৰকুছি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)