পিতা ধৰ্ম , পিতা কৰ্ম পিতাহি~অনুভৱ- হেমেন হাজৰিকা

©Admin
0
পিতা, আহ্ এটা কি আৱেগ বিৰাজিত শব্দ | যাৰ অবিহনে এই সুন্দৰ পৃথিৱী দেখা পাব নোৱাৰি | পিতাৰ বহু সমাৰ্থক শব্দ ..... দেউতা , দে'তা , পাপা আৰু আজিৰ আধুনিক সমাজ ব্যৱস্থাত Dad. যি জনক সদায় জনেকেই | তাক যি বুলিয়েই নামকৰণ নকৰক কিয় ? দেউতা অথবা পিতা এনে এগৰাকী পুৰুষ যিয়ে দহ টকা বচাবলৈ গৈ তিনি কিল'মিটাৰ খোজ কাঢ়ি নিজৰ সন্তানৰ বাবে ভাল বস্তু কিনি আনে |
দেউতা এনে এজন পুৰুষ যিয়ে নিজে কম দামী বস্তু পৰিধান কৰি সন্তানৰ বাবে দামী বস্তু কিনি আনে | 
দেউতা এনে এজন পুৰুষ যিয়ে নিজে দুখত থাকিও সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈ নিৰন্তৰ চেষ্টা কৰে | এনে আৰু বহু গুণেৰে বিভূষিত দেউতা | যিয়ে গোটেই জীৱন কেৱল সন্তানৰ সুখৰ বাবে কাম কৰি যায় |
     কবি নৱকান্ত বৰুৱা দেৱে তেখেতৰ এটা কবিতাত লিখিছিল ভাল পাওঁ দেউতাৰ স্নেহসনা মুখ/ মোৰ বাবে তেওঁ সহে কিমান যে দুখ | নিজৰ সন্তানৰ বাবে হাজাৰ দুখ সহ্য কৰিব পৰা লোকজনেই হৈছে দেউতা | দেউতা এনে এজন পুৰুষ যি সন্তানৰ বাবে পাহাৰ সদৃশ সুৰক্ষা , বৰষুণত ছাতি সদৃশ সুৰক্ষা আৰু জীৱনত বেহু সদৃশ নিৰাপত্তা | যাৰ দেউতা চিৰদিনৰ বাবে হেৰাই গৈছে তেওঁহে বুজিছে দেউতা কি ? দেউতা যে একোটা সাহস তেতিয়াহে বুজে যেতিয়া দেউতা নোহোৱা হয় | দেউতা হোৱা কিমান কঠিন সেয়া দেউতা হোৱাজনেহে বুজে | বাপেক আৰু দেউতাকৰ মাজত পাৰ্থক্য আছে | সেয়েহে কোৱা হয় বাপেক হ'বলৈ সহজ কিন্তু দেউতাক হ'বলৈ খবেই কঠিন ৷
    কিন্তু আজিৰ তাৰিখত যি দেখিছো নিজৰ সন্তানৰ কাৰণে কিমান আঘাট পাই দেউতাক সকলে | নানা ধৰণৰ অশ্ৰাব্য গালি , তিৰস্কাৰ , দাবী , ধমকি বহুতো | সন্তান জন্মৰ আনন্দত আত্মহাৰা হোৱা দেউতাকজনে পিছত সন্তান ডাঙৰ হোৱাত কয় এনে সন্তান সৰুতে মৰি যোৱা হ'লেই ভাল আছিল বুলি অভিশাপ দিয়ে | কিহৰ বাবে ?
এনে কিয় হৈছে ? এয়া কাৰ দোষ ? সময়ৰ, সমাজৰ নে সংগৰ | কিবা কৈ কলেজ পোৱাৰ লগে লগে দামী মটৰ চাইকেল , দামী ম'বাইল , টনকীয়াল পকেট মানি আদি বহুতো | এবাৰ হলেও ভাবি নাচাই সেই দেউতাকজনৰ সেইখিনি দিবলৈ সামৰ্থ আছেনে নাই ? এবাৰ হলেও সেইখন মুখলৈ নাচাই যিয়ে কেৱল তাৰ মুখলৈ চাই , তাৰ সুখৰ বাবে তিল্ তিল্ কৈ জীয়াই আছে | বিচৰা বস্তু নাপালে ঘৰৰ বস্তু ভাঙি , নিচাযুক্ত দ্ৰব্য খাই অত্যাচাৰ কৰা , ঘৰৰ পৰা ওলাই যোৱাৰ ভাবুকি দিয়া , বস্তু যদি দিব নোৱাৰ কিয় জন্ম দিছিলি বুলি কথা শুনোৱা আদি অন্তৰত আঘাট দিব পৰা অনেক কথা | শেষত একো উপাই নাপাই দেউতাকজনে মাটি সম্পত্তি বিক্ৰী কৰি হলেও দামী মটৰ চাইকেলখনৰ চাবিপাট হাতত তুলি দিয়ে | অৱশ্যে ছোৱালী সন্তান এই ক্ষেত্ৰত বহু সহনশীল | বহুত বুজি পাই দেউতাকক | ল'ৰা সন্তানে দেউতাকক এদিন বুঢ়া বুলি কয় | আমাৰ বুঢ়াৰ কাম নাই বে | এনেদৰে লগৰ লগত মন্তব্য কৰে |
  কিন্তু ছোৱালীজনীয়ে দেউতাকৰ সকলো দিশ নিৰৱে লক্ষ্য কৰি থাকে | দেউতাকে কোনটো চোলা কিমানদিন পিন্ধিছে , বজাৰলৈ যাওঁতে কোনযোৰ চেণ্ডেল পিন্ধিছে , চুলিখিনি ঠিকমতে ফণীয়াইছেনে নাই , আদি বহুতো | আমাৰ সমাজে, দম্পত্তি হালে সদায় ল'ৰা সন্তান কামনা কৰে আৰু পিছত সেই একেহাল দম্পত্তিয়ে কয় তোৰ দৰে কুলাংগাৰ পুত্ৰ জন্ম নোহোৱা হ’লেই ভাল আছিল | 
   ইমানতেই দেউতাকৰ দুখ শেষ হোৱা নাই | বৰ মৰমেৰে আটোল তোলেৰে ডাঙৰ কৰা পুত্ৰক বিয়া পাতি দিয়ে সেই পুত্ৰই কিছু দিনৰ পিছত আজিৰ সমাজত গঢ় লৈ উঠা Old Age Home ত গৈ থৈ আহে নতুবা ফুৰাবলৈ বুলি লৈ গৈ নিৰ্জন ঠাইত অকলশৰে এৰি থৈ আহে | তেনে পুত্ৰ বাৰু কাৰোবাৰ কাম্য হয়নে ?
     যাৰ কাৰণে এই সুন্দৰ ধৰা খনৰ লগত আমাৰ পৰিচয় হ'ল আমি একাত্ম হ'ব পাৰিলো সেইজন ভগবান সদৃশ দেউতাকক কেতিয়াও তেনে কৰিব নালাগে , তেনে কৰা উচিত নহয় | নহ’লে সময়ে এদিন তাৰ উত্তৰ বেয়াকৈ দিব | নিজেও এদিন যেতিয়া দেউতাক হৈ সেই পুত্ৰৰ দ্বাৰা তাতকৈ ভয়াবহ সত্যৰ মুখামুখি হ'ব লাগিব , চকুৰ পানী টুকি টুকি ভাত খাব লাগিব তেতিয়া স্মৰণ কৰিব তেওঁ কৰা কৃতকৰ্মৰ কথা | 
   গতিকে দেউতা সদায় দেউতা হৈ থাকক অনন্ত কাল দেউতা জিন্দাবাদ |

  প্ৰতিজন প্ৰগতিশীল মনৰ ব্যক্তিৰ হাতত অতি শ্ৰদ্ধাৰে |

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)