ৰাজপথত খেতিয়ক-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
আঘোণৰ পথাৰত
চিনাকি হেৰুওৱাৰ দুখত
চকুপানী টুকি
আমাৰ অন্নদাতা আজি ৰাজপথত ৷
পথাৰত পলিটিক্স সিঁচি দিয়াজনে নাজানে
এটিএমত ধন উলিওৱাৰ দৰে
কাৰ্ডেৰে উলিয়াব নোৱাৰি ধান,
মন গ'লেই ডাউনলড্ কৰিব নোৱাৰি পাচলি ৷
কোনোবাই নাঙলৰ মুঠিত ধৰি,
দেহৰ ঘামৰ নৈ বোৱাই পথাৰত
সপোন দেখে বাবেই,
ভৰি থাকে আমাৰ পাকঘৰ ৷
কোনোবাই পথাৰখনক ভাল পাই বাবেই
পেটৰ ভোকত নমৰাকৈ জীয়াই আছোঁ আমি...

✍️ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)