মূৰৰ অংশটো ~চুটিগল্প-জিণ্টিমণি নেওগ কাকতি

©Admin
1
    ক্ৰীং . . .ক্ৰী . . .ক্ৰীং ...ফোনটো বাজি উঠাত জুলিয়ে লৰালৰিকৈ গৈ ফোনটো ৰিচিভ কৰাত সিফালৰ পৰা মাইনুৰ মাতটো ভাঁহি আহিল , 
 ঃঅ’ই জুলি তই সময় উলিয়াই সোনকালে মোৰ ঘৰলৈ আহি যা ৷ 
     জুলিৰ বুকুখন চিৰিংকৈ মাৰিলে ৷ বিয়া হৈ যোৱা এমাহমান হৈছেহে মাইনুৰ ৷ কি হ’লনো ইমান জৰুৰীকালীনভাবে তাইক মাতিবলৈ ৷ বৰ উৎকণ্ঠাৰে তাই মাইনুক সুধিলে, 
 ঃ কি হ’লনো ? কচোন তই ৷
 ঃ কি হ’ল মানে , হোৱাত একো হোৱা নাই এতিয়ালৈকে ৷ কিন্তু তোৰ মূৰটো মই বেছি দিন ৰাখিব নোৱাৰিম ৷ তই যিমান সোনকালে পাৰ’ লৈ যা আহি ৷ সিদিনা অৰ্ণৱে ভাগ্যেহে পোৱা নাই ৷ তোৰ মূৰটোৱে মোৰ সংসাৰত গণ্ডগোলহে লগাব ৷ তই লৈ যাবিহি সোনকালে ৷ , মাইনুৱে ক’লে ৷
       মাইনুৰ কথা শুনি জুলিয়ে হাঁহিত ৰ’ব নোৱাৰি জোৰকৈ হাঁহিলে ৷ সিফালৰ পৰা মাইনুও হাঁহিত ৰ’ব নোৱাৰিলে ৷ জুলিয়ে আচলতে পাহৰিছিলেই কথাটো ৷ দুয়োজনীয়ে হাঁহি হাঁহি কিছু সময় কথা পাতিলে ৷ জুলিয়ে সোনকালেই গৈ মূৰটো লৈ আহিব বুলি কৈ ফোনটো ৰাখিলে ৷
       জুলি আৰু মাইনু দুয়োজনী বান্ধৱী ৷ বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰি আহি জুলি স্থানীয় কলেজ এখনতে সোমাইছে ৷ মাইনু কেইবাবছৰীয়া প্ৰেমৰ অন্তত কিছুদিনৰ আগতে অৰ্ণৱৰ লগত বিবাহপাশত আবদ্ধ হয় ৷ বিশ্ববিদ্যালয়ৰ নিজৰ বিভাগৰে মানসৰ লগত জুলিৰ এটা খুব ভাল বন্ধুত্বৰ সম্পৰ্ক এটা গঢ়ি উঠিছিল ৷ পঢ়াৰ নোটছৰ আদানপ্ৰদানৰ নামতো মানসৰ জুলিৰ হোষ্টেললৈকো সঘন আহ-যাহ চলিছিল ৷ লগৰ সহপাঠীবোৰেও জুলি আৰু মানসক জোকাবলৈ লৈছিল ৷ লাহে লাহে জুলি আৰু মানসৰ সম্পৰ্ক যেন বন্ধুত্বতকৈ এখোজ আগবাঢ়িব খুজিছিল ৷ কিন্তু জুলিৰ ককায়েকহঁতলৈ মনত পৰিলেই মনটোৱে ব্ৰেক মাৰিছিল৷ দুটাকৈ ককায়েক আৰু দেউতাকৰ ৰঙা চকু দুটালৈ মনত পৰিলেই জুলিৰ বুকুখন কঁপি যায় ৷ ইফালে সকলো সময়তে চি আই ডি কৰি থকা ভনীয়েক ৰীমলিজনীতো আছেই ৷ 
      তাইৰো মন যায় হোষ্টেলৰ জুপি, পৰী, আৰু চুমনহঁতৰ নিচিনাকৈ কেতিয়াবা ডেটিংত যাবলৈ ৷ কিন্তু ঘৰৰ কথা মনত পৰি থমকি ৰয় ৷ যদি ঘৰত গম পায় তাইৰ পিঠিখন যে নাথাকিব ভালকৈ জানে তাই ৷ কেতিয়াবা ভাবে তাই , মানসে বিচৰাৰ দৰে তাইও বাৰু সিহঁতৰ বন্ধুত্বৰ সম্পৰ্কটো প্ৰেমৰ সম্পৰ্ক বুলি নাম দি লওক নেকি ? পিছ মুহূৰ্ততে তাই ভাবে, নাই ! নাই ! নোৱাৰি দেই ৷ প্ৰেমৰ সাগৰত ডুব গৈ ৰিজাল্ট বেয়া কৰিব লাগিলে ঘৰত মহাভাৰত হ’ব আৰু ৷ গতিকে তাই মানসৰ লগত বন্ধুত্বৰ সম্পৰ্কতকৈ আৰু আগ নাবাঢ়িল ৷
      একেলগে ফুৰাৰ নামত মাত্ৰ মানসৰ লগত বিভাগীয় পিকনিকটোতে যি একেলগে গৈছিল ৷ বিভাগৰ সকলোৱে সেইদিনা জুলি আৰু মানসক খুব জোকাইছিল আৰু মানসীয়ে জোৰকৈ শিল এটাতে বহিবলৈ দি দুয়োকে ক’ডাক কেমেৰাটোৰে ফটো এখন তুলিছিল ৷ হাঁহি ফূৰ্তিৰ মাজেৰেই পিকনিকটো পাৰ কৰিলে যদিও জুলিৰ শিলটোত বহি মানসৰ লগত উঠা ফটোখনৰ কথা ভাবি পেটে পেটে ভয় এটা লাগি আছিল ৷ যথাসময়ত ফটোবোৰ বনাই যেতিয়া লগৰ প্ৰতীমে ক্লাছলৈ লৈ আহিছিল, তেতিয়া জুলিয়ে কৌশলৰে মানসৰ লগত উঠা ফটোখন আৰু লগতে নিগেটিভটোও আনকি হস্তক্ষেপ কৰি লয় ৷ জানোছা মানসে নিগেটিভটোৰ পৰা আকৌ ফটো বনাই লয় ৷
      যথাসময়ত বিশ্ববিদ্যালয়ৰ দুবছৰীয়া মধুৰ স্মৃতি, কিছু মনত আৰু কিছু ঘৰৰ পৰা নিয়া ডাঙৰ ট্ৰাংকটোতে ভৰাই লৈ জুলি ঘৰলৈ উভতিল ৷ মনৰ স্মৃতিবোৰ বাৰু কোনেও নেদেখে কিন্তু ট্ৰাংকত থকা স্মৃতিবোৰৰ কিছু বচাই ৰাখিবলৈ কঠিন হ’ল ৷ বিশেষকৈ মানসৰ লগত উঠা ফটোখন ৷ কিছুদিন কিতাপৰ মাজত লুকুৱাই ৰাখিলে যদিও সেই কামত যে বিপদ আছে তাই বুজিছিল ৷ কাৰণ ভনীয়েক ৰিমলীৰ যিহে শেনচকু ৷ তাই যে ধৰা পেলাবই তাত কোনো সন্দেহ নাই ৷ গতিকে ককায়েকহঁতৰ পৰা চুলি ঘটলা আৰু বাঘ ঢকাকেইটা খোৱাৰ আগতেই ফটোখনৰ কিবা এটা গতি লগোৱাৰ কথা ভাবিলে জুলিয়ে ৷ ফালি-চিৰিও য’তে ত’তে পেলাব নোৱাৰি ৷ ৰিমলীজনী যিহে টেঙৰ ৷ ফলা টুকুৰাবোৰ মিলাই তাই আকৌ ফটো বনাই পেলাব ৷ নোৱাৰি দেই য’তে ত’তে পেলাব ৷ এদিন ৰিমলী ঘৰত নথকাৰ সুযোগতে তাই ফটোখন কেঁচিৰে সৰু সৰু টুকুৰাকৈ কাটিলে ৷ ফটোখন কাটোতে কিয় জানো তাইৰ বুকুখনৰ কোনোবা খিনিত যেন দুখ এটাই হেঁচা মাৰি ধৰিছে ৷ ফটোখনৰ পৰা মানসৰ মূৰৰ অংশটো সাবধানে কাটি বাকীখিনি অংশ সৰু সৰু টুকুৰা কৰি নিৰাপদ স্থানত পেলাই দিলে ৷ তথাপিও মূৰৰ অংশটোৰ চিন্তাই তাইক লগ এৰা নাই ৷ ক’ত থোৱা যায় ৷ পিছদিনা তাই মাইনুৰ ঘৰলৈ গৈ চিন্তাৰ কাৰণ বিৱৰি কৈ ফটোখনৰ মূৰৰ অংশটো তাইৰ তাতে থৈ দিবলৈ অনুৰোধ কৰিলে ৷ মাইনুৰ হাতত থাকিলে কেতিয়াবা অন্ততঃ চাব পাৰিব মুখখন মানসৰ ৷ মাইনুৱেও বান্ধৱীৰ কথা একান্ত বাধ্য ছাত্ৰীৰ দৰে মানি লৈ তাইৰ হাততে থবলৈ মান্তি হয় ৷ মাইনু মান্তি হোৱাত জুলিয়ে কাকো কথাটো নক’বলৈ কৈ মণিবেগটোৰ পৰা সযতনে ফটোখনৰ পৰা কাটি নিয়া এক ইঞ্চিমানৰ মানসৰ মূৰৰ অংশটো মাইনুৰ হাতত তুলি দিয়ে ৷ মাইনুৱেও হাঁহি হাঁহি মূৰটো সযতনেৰে ৰাখি থ’লে ৷
      এতিয়া দুবছৰৰ মুৰত মানসৰ মূৰটোৰ কথা মাইনুক মনত পেলাই দিয়াত খুব হাঁহি উঠিল তাইৰ ৷ ব্যস্ততাৰ কাৰণে কথাটো পাহৰি থকাও হৈছিল আচলতে ৷ হয়োতো, হ’ল বুলিনো তাই আৰু কিমানদিন ৰাখি থ’ব ৷ তাতে এতিয়া তাইৰ সংসাৰো হ’ল ৷ পিছৰ ৰবিবাৰে তাই মাইনুৰ ঘৰলৈ যাবলৈ ঠিৰাং কৰিলে ৷
         ৰবিবাৰে তাই মাইনুৰ ঘৰলৈ দিনটো কটোৱাকৈ ঘৰৰ অনুমতি লৈ ওলাই গ’ল ৷
দিনটো হাঁহি ফূৰ্তি কৰি কথাবতৰা পাতি মাইনুৱে এপাকত জুলিক মানসৰ ফটোখনৰ মূৰৰ অংশটো উলিয়াই দিলে ৷ দুইজনীয়ে খুব হাঁহিলে ৷ লৰালৰিকৈ জুলিয়ে বেগতে ভৰাই ঘৰলৈ বুলি মাইনুৰ ঘৰৰ মুখতে টেম্পোখনত উঠে ৷ জুলিক আকৌ একেটা চিন্তাই খাই মাৰিলে ৷ কি কৰা যায় মূৰটো ৷ এ চি পি প্ৰদুম্ন্য, ইন্সপেক্টৰ দয়া আৰু অভিজিতৰ লেখিয়া চি আই ডি টিম ঘৰতে থকাত তাই বাৰু ক’ত লুকুৱাব মানসৰ মূৰটো ? ইফালে কূটকূৰা চুলিৰে তাৰিকাৰ লেখিয়া ৰিমলীজনী আছেই ৷ কি কৰিব নকৰিব ভাবি ভাবি তাই সিদ্ধান্ত ল’লে যে নাই নোৱাৰি ঘৰলৈ নিব ৷ সেইবুলি জুলিয়ে বেগৰ পৰা মানসৰ মূৰটো উলিয়াই এবাৰ চাই লৈ টেম্পোখনৰ কাষলৈ গৈ তৰ্জনি আৰু বুঢ়া আঙুলিৰ মাজত টুকুৰাটো কিছুসময় ধৰি লাহেকৈ আঙুলি দুটা এৰি দিলে ৷ বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী বায়ুৱে মানসৰ মূৰটো উৰুৱাই কোনোবাখিনি পোৱালেগৈ ৷ তাইৰ মনটো অলপ বেয়া লাগিল যদিও উপায়ো নাছিল ৷ টেম্পোখনৰ পৰা নমাৰ লগে লগে এজাক বৰষুণে তাইক তিয়াই পেলালে ৷ বৰষুণজাকে যেন তাইৰ মন মগজুৰ পৰা মানসৰ স্মৃতিবোৰো ধুই নিলে . . . ৷

                        ( সমাপ্ত )

✍️জিণ্টিমণি নেওগ কাকতি 
তেজপুৰ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. Ow hundor lagil dai ,ak hundorkoi ati amity monoloi bhahi ahise

    ReplyDelete
Post a Comment