ময়ো কবিতা লিখিব জনা হ'লে!~যুতিকা মাহত্ব

©Admin
0
ময়ো কবিতা লিখিব জনা হ'লে 
ঠিক আপোনাৰ দৰে
লিখিলোঁহেঁতেন এটি প্ৰেমৰ কবিতা
আপোনাৰ হৃদস্পন্দন বঢ়াকৈ
লিখিলোঁহেঁতেন এটি বিষাদৰ কবিতা
আপোনাৰ অন্তৰ ভেদি যোৱাকৈ। 

ময়ো কবিতা লিখিব জনা হ'লে 
ঠিক আপোনাৰ দৰে
লিখিলোঁহেঁতেন একো একোটি কবিতা
প্ৰতিটো ঋতুক লৈ
মোৰ কবিতাত খিলখিলাই উঠিলহেঁতেন 
গ্ৰীষ্ম, বৰ্ষা, শৰত, হেমন্ত, শীত আৰু বসন্ত... 

ময়ো কবিতা লিখিব জনা হ'লে 
ঠিক আপোনাৰ দৰে
লিখিলোঁহেঁতেন হাজাৰ হাজাৰ কবিতা 
প্ৰকৃতিৰ প্ৰতিটো মনোমোহা সৃষ্টিক লৈ
মোৰ কবিতা সজীৱ হ'লহেঁতেন
আকাশ, জোন, বেলি, নদী, গছ -গছনি 

ময়ো কবিতা লিখিব জনা হ'লে 
ঠিক আপোনাৰ দৰে
লিখিলোঁহেঁতেন এটি এটিকৈ কবিতা 
বাঙ্ময় জীৱনৰ প্ৰতিটো গানক লৈ
মোৰ কবিতাত স্পন্দিত হ'লহেঁতেন 
সুখ - দুঃখ, হাঁহি কান্দোন, সপোন আৰু ভালপোৱা 

ময়ো কবিতা লিখিব জনা হ'লে 
ঠিক আপোনাৰ দৰে
লিখি গলোঁহেঁতেন এটি এটিকৈ কবিতা
কবিতাৰ কবিতা
মোৰ কবিতাত প্ৰাণপাই উঠিলহেঁতেন
শব্দ, ভাষা, সুৰ, ধ্বনি আৰু ছন্দ ।। 

ময়ো কবিতা লিখিব জনা হ'লে 
ঠিক আপোনাৰ দৰে
লিখিলোঁহেঁতেন কুঁৱলীৰ আচ্ছাদন ফালি 
গাঁথিলোহেঁতেন শব্দৰ ৰঙীন মালা
জিলিকিলহেঁতেন পদ্মিনী বল্লভ
সৃষ্টি কৰিলোঁহেঁতেন যুগান্তকাৰী 
আপোনাৰ মোৰ সকলোৰে বুকুত বৈ ৰোৱা
একো একোটি ফল্গুধাৰা।।

✍️যুতিকা মাহত্ব
ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)