শীতৰ জুহালত কথাৰ পাগ উঠে,
শীতৰ জুহালত মৰমবোৰে প্ৰাণ পায়।
আইতাৰ এলান্ধুকলীয়া জুহালতে
শীতৰ আগমনে পাতে কত' ৰঙৰ সমাহাৰ।
কাণ পাতি শুনো আজিও
ক'ৰবাত যেন
আইতাৰ ঠুনুকা হাড়বোৰেও খনখনায়
সাধুকথাৰ ভূতবোৰে হনহনায়!!!
শীতৰ জুহালৰ তাপে হেনো বিষ-কোপ হৰে।
এই জুহালতে দেউতাৰ এচাৰিৰ আগত
জীৱনৰ আদিপাঠ লোৱা মনত আছে,
অ-আ,ক-খ শিকোতে ' ক'ৰ চাৰিটা চুক দেখি
এচাৰিৰ নাচোন দেখা মনত আছে।
শীতৰ জুহালত ভোগায়ে লিখে
ভোগৰহে মালিতা....
প্ৰেমিক-প্ৰেমিকাই পাতে প্ৰেমৰ ভাষা।
আমি পিছে সৰু মানুহ
কমাৰৰ জুইত আগঢ়ী লোৰ দণ্ডই
তীক্ষ্ণ কটাৰীৰ ৰূপ লয়।
✍️দুলুমণি গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ