মৌনতাৰে দিগ্বলয়ত
ধাৱিত
কালৰ কোলাত ।
ক্ৰমে বিপন্ন তুমি অথবা আমি ।
ক্ৰমে ইতিহাস হোৱা--
এটি এটি দিনৰ দস্তাবেজত
লিখিত হয় বিশ্বাসঘাটৰ
যন্ত্ৰণা
আৰু সমাধিস্থ হোৱা
মৰম শ্ৰদ্ধা ভক্তিৰ
বেদনা কাতৰ হা হুমুনিয়াহ।
গাৰ ছাঁয়ো শতৰু শালে
উদ্বন্দ প্ৰতিদ্বন্দী হয়-- নিজৰেই বুকুৰ মঙহ
অনাদি অনন্ত
মহাকালৰ তমোময় কেঁকুৰীত
আজন্মৰ আত্মীয়ও
দাঁত নিকতাই প্ৰশ্ন কৰে --
তুমি কোন?
নিয়তিৰ হাতোৰাত--
শুভাকাংক্ষাও হয়
উপহাসৰ বঢ়িয়া সমল ।
মৰমৰ দাবীবোৰ--
খেলাৰ পুতলা হয়।
জকমকিয়াৰ দুনিয়াত দলিত হয় প্ৰজ্ঞা
অথবা --
পেটতেই হাত ভৰি লুকুৱাই নিজতেই নিজকে কৰে আত্মগোপন
ন'হলে যে--
ধূসৰিত বাস্তৱৰ অত্যাচাৰত
পঁজাত বন্দী মমতা পখী নিৰুপায় নিৰুপায়।
আলসুৱা
কলিজাটোৱে ধপধপাবলৈ পাহৰি যায়।
শোকে হনা মৰাতেজে-
কৰাল বান্ধে ।
লোতকৰ আভৰণে ৰুদ্ধ কৰে পথ ।
আইয়ে বঢ়া
দুভাগ ভাতৰ এভাগ লোতকে তিয়াই নষ্ট কৰে
আনভাগো --
বঢ়া ভাগেই ৰয়।
কিন্তু
সময় নৰয়
সি চিৰ প্ৰবাহিত--
কাৰো বাবেই নৰয়।
মুৰকত কোনোবা হতভগিয়া সহোদৰে লাভ কৰে এটি জাগ্ৰত বিশেষণ---
''অমুক পাগল"'
এইয়া শ্বাশ্বত প্ৰসহন ।
✍ৰতিন্দ্ৰ
অতি সুন্দৰ হৃদয়স্পৰ্শী অনুভৱ প্ৰকাশ !! অনন্য কাব্যিকতা
ReplyDelete