বিচ্ছেদৰ নৈ পাৰ হৈ~গল্প-পূৰ্ণিমা হালৈ

©Admin
0
প্ৰতিদিনে নিশা ১০ মান বজাত ওলাই গৈ ঘৰৰ ওচৰৰ পুল টোত বহি জীৱনত পোৱা নোপোৱা বোৰৰ হিচাপ লওঁ। সপোনবোৰ উৰি যায় জলন্ত চিগাৰেটৰ ধোঁৱা হৈ । ৰৈ যায় মাত্ৰ চিগাৰেটৰ অৱশিষ্ট খিনি সপোন দেখাৰ চিন থৈ। ভালপোৱা বোৰৰ সমাধিস্থ পাতি বুকুত অগ্নিৰ পিণ্ড লৈ জীয়াই আছো মাথো জীয়াই আছো।আজিও তেনেকৈ বহি ৰৈছিলো সেই পুলত বহি জীৱন ভঙা - গঢ়াৰ কল্পনা কৰি।তেনেতে ফোন টো বাজি উঠিল। অভিজিতৰ ফোন। ৰিছিভ কৰিলো।
_ক"
ক'ত আছ?
_ ঘৰতে।
Whatsapp ত বস্তু এটা দিছোঁ চাবি চোন। কথাটো কৈ সি ফোন টো কাটি দিলে। Whatsapp টো খুলি ফটো দুখন পালো। জ্বলি থকা চিগাৰেট টো মোৰ হাতৰ পৰি সৰি পৰিল। আজি তাইৰ বিয়া,আজি চিমিৰ বিয়া। কইনাৰ সাঁজত তাইক আজি বৰ ধুনীয়া লাগিছে। ফটো খন বুকুৰ মাজত সাৱটি ধৰিলো। ভাগ্যই লগ দিয়া হ'লে আজি তাইৰ কাষত মই থাকিলো হেঁতেন।কাক দোষ দিম? তাইক,নিজক নে ভাগ্যক? চাৰি বছৰীয়া সম্পৰ্ক এটাৰ পৰা তাইক মুকলি কৰি দিছিলোঁ আজিৰ পৰা ৬ মাহৰ আগতে। মোৰ মুখৰ পৰা ওলোৱা এষাৰ কথাত তাই মোৰ জীৱনৰ পৰা একেবাৰে গুছি গৈছিল। গুছি নাযাবই বা কিয়? কি দিব পাৰিছিলো যোৱা চাৰি বছৰত তাইক। মোৰো মন যায় বেলেগৰ নিচিনাকৈ তাইক দামী উপহাৰ দিবলৈ। বেয়া লাগে যেতিয়া তাইক মই তাইৰ জন্ম দিনৰ দিনাও একো এটা দিব পৰা নাছিলো। মোৰ সামৰ্থ নাছিল। তথাপিও তাই সুখী আছিল। তাই সদায় কৈছিল," ভাল দিন আমাৰো আহিব। তই মাথো কষ্ট কৰ। চাবি এদিন আমি দুয়োটা একেলগ হ'ম। আমিও সফল হ'ম।" মোৰ প্ৰতিটো খোজত তাই সাহস হৈ ৰৈছিল।কিন্তু কিমান দিন ভাল দিনৰ আশাত ৰ'ম। চাকৰি কিনিবলৈ টকা নাছিল মোৰ ওচৰত আৰু টকা নহ'লে সকলো মিছা। মৰি যাবলৈ মন যায় কেতিয়াবা।কি পাপৰ ফলত মানুহে এইখিনি কষ্ট লৈ জীয়াই থাকিব পাৰে নাজানো।কিন্তু মৰিলেই জানো সকলো সমস্যা সমাধান হয়? মোৰ মৃত্যুৰ পাছত মোৰ মা দেউতাৰ কি হ'ব তাই ভাবিবলৈ শিকাইছিল। ইমান খিনি বুজনি দি তাইৰ মোৰ মৃত্যুৰ আগত থিয় হৈছিল। মোক লৈ তাইৰ বহুত সপোন আছিল। কিন্তু মই যেন তাইৰ সপোন বোৰ পূৰ কৰাত ব্যৰ্থ হৈছিলো। বাৰে বাৰে ভাগি পৰিছিলো ,, বাৰে বাৰে তাই উঠাইছিল। কিন্তু কিমান আৰু তাইক মিছা আশা দি থাকিম সেইবাবে এদিন তাইক আঁতৰি যাবলৈ ক'লো মোৰ জীৱনৰ পৰা।তাইক আঁতৰি যাবলৈ কোৱাই মোৰ জীৱনৰ ডাঙৰ ভূল আছিল। ভূল মোৰেই ! মই তাইক বুজি পোৱা নাছিলো,তাইৰ সপোন বোৰ ভাঙি পেলালো।কিন্তু মই কৰো কি? চাকৰি কৰিবলৈ মোৰ যোগ্যতা নাই,কিনিবলৈ মোৰ টকা নাই। সেইদিনাৰ পৰা তাইক পাহৰিবলৈ সকলোবোৰ চেষ্টা কৰিও মই বিফল। বন্ধ কোঠাত মদ,ভাং,চিগাৰেট খাই নিজক কষ্ট দিছোঁ। নোৱাৰিলো প্ৰকৃত প্ৰেমিক হব, এজন ভাল পুত্ৰ হ'ব।কেতিয়াবা ভাবো বহুত দূৰলৈ যাম ঘুৰিম আৰু শেষত নিজক শেষ কৰিম।কিন্তু এইবোৰ চিনেমা আৰু কাহিনীত হে ভাল লাগে।সেইবাবে ৰাতি উজাগৰে থাকি চিগাৰেটৰ ধোঁৱাত সপোন বোৰ বিসৰ্জন দিওঁ।তাই সুখেৰে থকা কামনা কৰো আৰু আজি তাইৰ বিয়া।

         লগালগ ঘৰলৈ আহি ৰাতিয়েই বস্তু বোৰ বান্ধি ক'ৰবালৈ যাবলৈ ওলালো।নাজানো ক'লৈ যাম। মাত্ৰ এতিয়া জীয়াই থকাৰ সন্ধান বিচাৰিম।তাইৰ সপোন বোৰ পূৰণ কৰিম তাইৰ বাবে নহ'লেও আনৰ বাবে। মাৰ বাবে চিঠি এখন এৰি এবাৰো ঘুৰি নোচোৱাকৈ ওলাই আহিলো মৰমৰ ঘৰ খন এৰি।

3 বছৰৰ পাছত..... 

যোৱা তিনিবছৰত মোৰ সকলো খিনি পৰিবৰ্তন হ'ল। এতিয়া মই ইণ্ডিয়ান আৰ্মীত যোগদান কৰিলো। এবছৰৰ আগত মোৰ কাশ্মীৰত পোষ্টিং হৈছে। লাহে লাহে সপোন বোৰ এতিয়া পূৰ হোৱাৰ পথত।মাজে মাজে মাৰ লগত কথা পাতো।দেউতাৰ অসুখৰ বাবে খৰছ পঠিয়াই থাকো। ইয়ালৈ আহিয়েই সঞ্জীৱ নামৰ এজনক লগ পালো।সিও অসমৰে।মোৰ লগত খুব ভাল। সি বিয়া পতা তিনি বছৰ মান হৈছে,অসমৰে ছোৱালী। খুব সুখী দম্পতি।মাজে মাজে তাৰ মুখেৰে তাৰ পত্নীৰ কথা শুনো। সিহঁত দুয়োটা ইয়াতে থাকে। মোক মাতি মাতি এবাৰো সিহঁতৰ ঘৰলৈ নিব পৰা নাই যদিও এদিন তাৰ অনুৰোধ ৰক্ষা কৰি গ'লো সঞ্জীৱৰ লগতে তাৰ ঘৰলৈ....
_তই বহ।মই তাইক মাতি আনো,শুই আছে চাগে।
মোক বহাই সি ভিতৰলৈ গল। সঞ্জীৱে কোৱাৰ মতে তাৰ পত্নী এতিয়া তিনিমহীয়া অন্তসত্বা ।কিন্তু আজিলৈকে তাৰ পত্নীৰ সৈতে মোৰ দেখা দেখি হোৱা নাই।
" সঞ্জীৱ কোন আহিছে?" ভিতৰৰ পৰা মানুহ জনীৰ মাত টো শুনিলো।
কেকুঁজেকুকৈ ওপৰৰ চিৰি টোৱেদি মানুহ জনী নামি আহিছে লগত সঞ্জীৱ। মোৰ দুচকু চকুৰ পানীয়ে উপচি পৰিল। ক্ষন্তেকতে দুৰ্বলৰ নিচিনা হৈ পৰিলোঁ মই। মোৰ চিমি এতিয়া মাক হ'বলৈ ওলাইছে। নোৱাৰিলো আৰু মই তাত ৰৈ থাকিব। কি দৰে মই তাইক এই ৰূপত চাম? মোক দেখাৰ লগে লগে তাই সেইখিনিতে ৰৈ দিলে। কাশ্মীৰৰ হিমচেচা ঠাণ্ডাৰ মাজতে এচাতি চিনাকি বতাহে যেন আমাক চুই গ'ল। তৎক্ষণাৎ গুছি আহিলো তাৰ পৰা। তাই সুখী এতিয়া। সঞ্জীবৰ মৰম,ভালপোৱা আৰু যত্নত তাই অতীতক পাহৰি গ'ল। তাইৰ সুখ বোৰ দেখি আজি মইয়ো সুখী যদিও অজান কোণত আজি বুকুখন বৰকৈ বিষাইছে। কি আছিল আমাৰ ভালপোৱাৰ নাম? কি আছিল তাইৰ ভালপোৱা খিনিত? তাইক বুজি পোৱা লৈ মোৰ বহুত দেৰি হৈ গ'ল। এতিয়া সকলো খিনি আছে মোৰ লগত কিন্তু তাই.....? সপোন সকলোৰে থাকে কিন্তু পূৰ সকলোৰে নহয়। সময়ে সকলো দিলেও কিছুমান বস্তু সদায় আধৰুৱা হৈ থাকে।সময়ে দিলেও ভাগ্যই নিদিয়ে। ধন্যবাদ চিমি মোক এটা নতুন জীৱন দিয়াৰ বাবে। সুখী হ" তই,মোৰ হৃদয়ত তই সদাই থাকিবি।

◾সমাপ্ত◾

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)