দীৰ্ঘদৰ্শী~অণুগল্প-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
সত্যই অৱশেষত ঘৈণীয়েক প্ৰতিমাক সৈমান কৰাই ককায়েক নাৰায়ণৰ ল'ৰা নন্দনক চহৰৰ স্কুলখনতে নাম লগাই দিলে ৷ ককায়েক নাৰায়ণ আৰ্থিক দিশত টনকিয়াল নহয় আৰু গাঁৱত পঢ়াশুনাৰ পৰিৱেশ প্ৰায় নোহোৱাৰ দৰেই ৷ সত্যৰ নিজৰ ল'ৰা যদুতকৈ নন্দন দুবছৰ ডাঙৰ আৰু পঢ়াশুনাত মেধাৱী ৷ 
ক্রমে নন্দনৰ সংস্পৰ্শত যদুইয়ো মন দি পঢ়াশুনা কৰিবলৈ ল'লে ৷ লগে লগে যদুৰ আপোন-পেটীয়া স্বভাৱৰো পৰিৱৰ্তন হ'বলৈ ধৰিলে ৷
   সেই যদু-নন্দৰ যৌথ প্ৰচেষ্টাতে আজি চহৰৰ মাজমজিয়াত 'সত্যনাৰায়ণ হৃদয়ালয়' নামৰ হাস্পতাল খন প্ৰতিষ্ঠা হ'ল ৷ বাণিজ্য বিভাগত স্নাতক পাছ কৰি যদুয়ে ককায়েক নন্দনক লগত লৈ অৱশেষত সত্যৰ মনৰ গোপন অভিষ্ট পূৰণ কৰিলে ৷
       কেতিয়াবা জীৱন যাত্ৰাৰ সমীকৰণ বোৰ ব্যতিক্ৰম ভাৱেই সমাধান কৰিব লাগে বুলি সত্যৰ ঘৈণীয়েক প্ৰতিমাই আজি উপলব্ধি কৰিলে ৷

✍🏻চুমিন্দ্ৰ চৌধুৰী
নতুন দিল্লী ৷


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)