বিদায় ২০২০-বাণীকান্ত লহকৰ

মৃত্যুৰ সিপাৰৰ ক্ৰন্দনত তিতি গৈছে
বৌদ্ধৰ অশৰীৰি আত্মা
বোধিদ্ৰুম বিছাৰি বট বৃক্ষৰ পলায়ন
বছৰটোৰ শেষৰ দিনত
অতি ভাবুক হৈ সিন্ধি খান্দিছে
একো একোটা কবৰৰ পৰা
জেহাদী আত্মাবোৰ বেহেস্তলৈ যাব
সুৰাৰ নদীত জপিয়াই সংগীতৰ মূৰ্চনাৰে
ধুই নিকা কৰিব পাপী অতীত
কঙ্কালসাৰ শৰীৰ পাপাত্মা আৰু নাড়ি ভুৰু
প্ৰেমাষ্পদৰ পুষ্পাঞ্জলিৰে উপচি পৰিছে
হৃদয় সৰবোৰৰ নিয়ৰ সিক্ত উপকুল
চকুত লুকাই থকা তৰাবোৰে
তিৰবিৰ জেউতিৰে সাগৰৰ বক্ষত
সৃষ্টি কৰিব আন এখন আকাশ
অহৰ্নিশে চলি থকা জোৱাৰ ভাটাই ক'ৱ
পাৱলৈ পণ কৰাটোৱে জীৱন ।

✍️বাণীকান্ত লহকৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send