আমাৰে মইনা শুব এ- প্ৰকাশ ৰঞ্জন বৰা

মই বৰ সুখেৰে আছোঁ সোণ, 
বহুত সুখত।
ইহঁত কেইতাও কোনোবা জনমত মোৰেই সন্তান আছিল নেকি?
ইহঁতক এৰি মই ক'লৈকো যাব নোৱাৰোঁ,
ইহঁতক এৰি গুছি গ'লে মই যে পুত্রহাৰা হৈ পৰিম !
মাথো কেতিয়াবা ৰাতি টোপনিতে গাৰুতো তিতি যায়, 
কাৰণ মই সপোনত দেখো অ**********
তোৰ মনত আছেনে বাৰু, 
তই যে বিহুৰ দিনা নতুন কাপোৰ এটা নাপালে ঠেঁহ ধৰিছিলি,
আছেনে মনত তোৰ ?
তই যে বহুত ডাঙৰ হোৱালৈকে ৰাতি ৰাতি মোৰ বুকুত সোমাই 
পাহৰিলি নেকি *****
তই যে খাওঁ খাওঁ কৰিছিলি।
মই যে তোৰ লগৰ ল'ৰা বোৰৰ আগত কৈ দিম বুলি কৈছিলো ,
তোৰ কিজানি মনত নাই ,
থাকিবনো কেনেকৈ ,
বহুত দিন হ’ল নহয়।
তোৰ জন্ম দিনৰ দিনাযে, লগৰ কেইটা মানক মাতি ,
ৰুটি দুটা মান বনাই নুখুৱালে ,
তই যে কান্দি কান্দি ৰুমত সোমাই আছিলি।
দেউতাৰাই দোকানৰ পৰা বাকীকৈ হলেও আটা অলপমান আনি,
ভগা বেৰখনৰ ফাঁকেৰে তোক যে মাতিছিল, 
আহ সোন মই আটা আনিছোঁ।
মনত পৰেনে কেতিয়াবা, 
দেউতাৰাই হয়তো দুদিনৰ পাছত দোকানীৰ পৰা গালিও গাইছিল,
ধাৰ মাৰিব নোৱাৰাৰ বাবে।
কিন্তু ********
কাৰোবাৰ কথা শুনি হ’লেও আমি সপোন দেখিছিলো ,
আমাৰ সোণ এদিন ডাঙৰ মানুহ হ’ব,
বহুত ডাঙৰ মানুহ ।
লাহে লাহে তই ডাঙৰ হোৱাত,
দুখৰ মাজতো তোৰ মুখ খন চাই চাই সুখী হৈ আছিলোঁ।
দেউতাৰো আমাক এৰি গুছি গৈছিল বহুত দূৰলৈ ।
তয়ো ডাঙৰ মানুহ হলি,
চাকৰি পালি,
বিয়া পাতিলি,
মোৰ বুকু খন অহংকাৰত ফুলি গৈছিল অ’।
আমাৰ জুপুৰিটোৰ ঠাইত, 
ডাঙৰ বিল্ডিং হ’ল,
বহুত ডাঙৰ বিল্ডিং।
এহ মানুহে যে কয়,
 স্থান হেৰালে মান হেৰাই বুলি, 
তোক মই মানা কৰিছিলোঁ, 
জুপুৰিতো নাভাঙিবলৈ,
তই নামানিলি।
তোৰ বোলে জুপুৰি ঘৰটো থাকিলে লাজ লাগিব,
ভাঙি পেলালি।
আৰু এতিয়া কি হ’ল দেখিছ,
সময় বৰ নিষ্ঠুৰ অ,
তোৰ ডাঙৰ বিল্ডিংত মই থাকিলে অসুবিধা হোৱা হ’ল।
তই কিন্তু তোৰ ল'ৰাহঁতক বিল্ডিংটো ভাঙিবলৈ কেতিয়াও নিদিবি দেই,
নহ’লে সিহঁতৰ অট্টালিকাত তোৰ বাবেও ঠাইৰ অভাৱ হৈ পৰিব।
তই চিন্তা নকৰিবি, 
মই অলপো দুখ পোৱা নাই, 
কাৰণ আজি মই আলহী নহয়, 
মই আজি বৃদ্ধাশ্ৰমৰ সকলোৰে সহযাত্ৰী ।
কাষৰ গৰাকীয়ে কৈছে, 
কালি বোলে মই সপোনতে গাৰুটো সাৱতি গীত গায় আছিলো, 
কি গাইছিলো জান*****
আমাৰে মইনা শুব এ
বাৰিতে বগৰী ৰুব এ
বাৰিৰে বগৰী পকি সৰিব
আমাৰে মইনাই বুতলি খাব*****************।

✍️প্ৰকাশ ৰঞ্জন বৰা 
ঢেকিয়াল, গোলাঘাট 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send