নীলা খামৰ চিঠি-জহিৰুল ইছলাম

©Admin
0
"জীৱন মানেই মিছা সপোনৰ এক মায়াৱী ঘৰ
যি মনে নিবিচাৰিলেও সময়ত সমাধিস্থ হ'ব অতীত পৃষ্ঠাত নীৰৱে।"

মৰমৰ নীলাভ
                      একুৰা জুই। লেলিহান শিখাত মোৰ হৃদয় কম্পিত কোলাহল। ধো‌ঁৱা হৈ উৰিছে আজি অনুভৱৰ পৃষ্ঠা বোৰ যেন দিগভ্ৰান্ত পথিক। য'ত ইন্ধন যোগাইছে সংযম হেৰুৱা অনুভৱৰ কল্লোলিত আৰ্তনাদে। হয়তো নুমাব নিদিয়াকৈ উমি-উমি জ্বলি থাকিব অনাদি অনন্তলৈ। সেয়েহে আজি তোমালৈ মই মোৰ মৰম বুলি এবুকু হুমুনিয়াহৰ বাহিৰে একো দিব নোৱাৰাকৈ নিঃস্ব। তুমি হয়তো সুখতেই আছা জীৱন নামৰ নাট্য মঞ্চত আৰু মই------!
              এবটল পেট্ৰোল আৰু এখন সেউজীয়া অৰণ্য। বিনা ঘৰ্ষণৰ বিস্ফোৰণ হৈছে আজি শান্ত জোনাক। মই নাজানো তোমাৰ অনুভৱৰ পৃষ্ঠাত বিশ্লেষণৰ ধাৰাপাতবোৰ আগৰ দৰেই মুখস্থ মাতিব পৰা হৈ আছে নে লীন গৈছে পাহৰণিৰ গৰ্ভত। অৱশ্যে কৰ'বাত খোকোজা লাগিব যদিও সেয়া ক্ষণিকৰ অহংকাৰ নতুবা অৱজ্ঞাৰ নিক্ষিপ্ত শৰ।
      সিদিনা চহৰলৈ গৈছিলোঁ। বৰষুণীয়া বতৰে বাৰে বাৰে স্মৃতিৰ কেনভাচত আঁকিছিলে তুমি গুচি যোৱাৰ দিনটোৰ অনাকংক্ষিত দৃশ্যপট। সেয়া পাঁচ বছৰ আগৰ কথা। মোৰ তল পেটত সামান্য বিষ অনুভৱ হোৱাত তুমি দৌৰি গৈছিলা ডাক্তৰৰ ওচৰলৈ। বৰ কষ্ট হৈছিল হয়তো তোমাৰ; কিন্তু তুমি সন্ধিয়া--! সন্ধিয়া ৰিপোৰ্ট খন হাতত লৈ তুমি কিয় মৌন হৈ ঘৰলৈ উভতি আহিছিলা মই ধৰিব পৰা নাছিলোঁ। ৰাতি অনাহাৰে কোঠালীটোতে পায়চাৰি কৰি মাজে-মাজে কেৱল কাঢ়িছিলা দীঘল হুমনিয়াহ। মোৰ বুকুখনে তৃষ্ণাতুৰ হৈ উঠিছিল তোমাক সাবটি ধৰি তৃপ্তিৰ চুমাৰে পুৰস্কৃত কৰিবলৈ মোক মাতৃত্বৰ গৌৰবত গৌৰৱান্বিত কৰাৰ বাবে; কিন্তু তোমাৰ বাবে মোৰ প্ৰেমাকুল বুকুখন সিদিনা হৈ উঠিছিল মৰুভূমি। যেন একুৰা প্ৰজ্জ্বলিত অগ্নিকুণ্ড। নাজানো কিয়? ৰাতি পুৱা তুমি নিৰুদ্দেশ।
       তাৰ ছমাহ পিছত খবৰ পালোঁ তুমি হেনো আন কাৰোৱাক ভাল পাই বিয়াও পাতিলা। ঘৰ সংসাৰ কৰি আছা বেচ্ সুখতেই। মই সংজ্ঞাহীন। জীয়াই থকাৰ ইচ্ছা সমুলঞ্চে শেষ হৈছিল সিদিনা; কিন্তু নোৱাৰিলোঁ কাৰণ তুমি দি যোৱা এক গধুৰ দায়িত্বত মই বশ্যতা স্বীকাৰ কৰি আজি দুবছৰীয়া সন্তানৰ মাতৃ। তুমি থাকোঁতেই মই এতিয়া তুমিহীন বিধৱা। তুমি যাক এতিয়া জীৱন সংগী কৰিলা তায়ো বৰ মৰমীয়াল ছোৱালী; কিন্তু তাই যে তোমাক দিব নোৱাৰে পিতৃত্বৰ গৌৰৱ। সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱালে তাই কেতিয়াবাই। তুমি হয়তো সেয়া নাজানা। শুনিছোঁ সন্তানৰ আশাত দৌৰিছা ডাক্তৰৰ দুৱাৰে-দুৱাৰে,- লাভ হ'ব জানো? তাই যে সেই ক্ষমতা হেৰুৱালে কেতিয়াবাই। আমি তেতিয়া কলেজত পঢ়ি আছিলোঁ। তাই ভালপোৱা ল'ৰা জনৰ কামনাৰ বলি হৈ অন্তসত্বাহৈ, হৈ পৰিছিলে দিশহাৰা। ময়েই সংগোপনে তাইক চহৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই সেই কালিমা মচি দিছিলোঁ যদিও ডাক্তৰে মোক জনাইছিলে তাই যে জীৱনত পুনৰবাৰ মাতৃত্বৰ অধিকাৰী হ'ব নোৱাৰিব এই নিৰ্মম সত্যটো। যাৰ বিষয়ে আজিলৈক তায়ো নাজানে।
          আজি মই হৃদ্ ৰোগত আক্ৰান্ত। কেতিয়াবা হৃদয়খন বৰকৈ বিষায়। খোৱা তেলত নহৰু সানি দিবলৈও কোনেৱে নাই। কি কৰিম কোৱা? এফালে তুমিহীন জীৱন আনফালে তুমি দি যোৱা শ্ৰেষ্ঠ উপহাৰ। হৃদয় যন্ত্ৰনাত কঁপি উঠে অনুভৱৰ পঁজা। হয়তো বেছিপৰ নাই সেয়ে আজি তোমালৈ মোৰ শেষ অনুৰোধৰ শেষ পৃষ্ঠা। তুমি ডাক্তৰৰ দুৱাৰে-দুৱাৰে নগৈ পাৰা যদি যাবা অনাথ-আশ্ৰমৰ চোতাললৈ। য'ত এবুকু মৰম, ভালপোৱা মিশ্ৰিত এষাৰ মাত, অলপ স্নেহাকুল পৰশৰ বাবে উদগ্ৰীৱ চিত্তে অপেক্ষাৰত প্ৰতি পল-অনুপলে থাকে নিষ্পাপ মুখবোৰ। হয়তো পাবও পাৰা মনে বিচৰাকৈ পিতৃহীন এটা সন্তান নতুবা তোমাৰ দৰে কোনোৱা অবিবেচক পুৰুষৰ বৈধ ফচল। কিজানি প্ৰায়শ্চিত্তত------। যাৰ তৃষ্ণা তুমি মচিব নোৱাৰা কোনো দিন , কোনো কালেও। বিশেষ নাই।

পুনঃ 
ছয়া-ময়া এখন উদং পথাৰ
কবি জনৰ আত্মহত্যা
কবিতাৰ জোনাকত 
নে আঁকে দুনাই এখন হৃদয়ৰ প্ৰতিমা
জীৱন মানেই এক মিছা স্বপ্নৰ ক্ষন্তেকীয়া আবেগ 
যি মনে নিবিচাৰিলেও অতীতৰ পৃষ্ঠাত সমাধিস্থ হ'ব
নীৰৱে।
ছয়া-ময়া এখন উদং পথাৰ।
                               
      বিদায়-
তোমাৰ পৰিত্যক্ত
     নিজৰা

✍🏻জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)