হে নাৰী
প্ৰেমৰ সুগন্ধী পথত
পখীৰ গীতৰ তালে তালে
তােলা তুমি নূপুৰৰ ধ্বনি......,
জীপাল হৈ পৰক
আমাৰ ভালপোৱাৰ কঠিয়াতলী ।।
হে নাৰী
প্ৰেমৰ সুগন্ধী পথত
সিঁচি দিয়া তুমি
সোণোৱালী জোনাকী,
মৰমৰ পঁজাটি আমাৰ
উঠক উজ্বলি ।।
হে নাৰী
এবাৰ তুমি স্পৰ্শ কৰা মোৰ পৌৰুষ,আৰু
মোৰ বুকুত ফুলি উঠা ৰঙা ৰঙা গােলাপৰ পাহি।
হে নাৰী
মনত আছেনে তোমাৰ
সেইদিনা দিচাংৰ পাৰত যে কৈছিলোঁ………
মই তুমি হ'ব লাগিব, আৰু,
আৰু তুমি মই হব লাগিব… ,
ইজনে সিজনক আমি
মৰমৰ এনাজৰীৰে বান্ধিব লাগিব……,
দুয়ো দুয়োকে জয় কৰিব লাগিব,
দুয়ো দুয়োকে বুজি পাব লাগিব……
ইজনে সিজনক আলিংগনৰ
প্ৰলেপ সানিব লাগিব,
মুঠি মুঠি মৰমেৰে দুয়ো
এক হব লাগিব…।
হে নাৰী ,
আৰু কি জানা………
জয় কৰিব লাগিব
দেহৰ ঢৌ খেলা তেজৰ
তৰংগ।
প্রত্যয়ৰ উদ্দীপ্ত জ্যোতিত
উজ্বলিব লাগিব
তোমাৰ মােৰ প্ৰেমৰ
শাশ্বত সুধা।।
✍️ পৰাগ প্ৰিয়ম ।
যোৰহাট, তিতাবৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ