এখনি আলোকচিত্ৰ- অলকেশ কাকতি

©Admin
0
মোৰ হৃদয় মন্দিৰৰ এচুকত
এখনি আলোকচিত্ৰ ৰাখিছোঁ,
লিখিবৰ মন ন'গ'লেও 
আজি যেন স্থবিৰ হোৱা নাই মোৰ কলম।।
হতাশাৰ ক'লাবৰণীয়া ধোৱাই
মলিয়ন কৰিব আহিছে
মোৰ ত্যাগ বিজৰিত আলোকচিত্ৰ খন ,
আলোকচিত্ৰখনিত আপোন মনে গা ঘেলাইছে
শৈশৱৰ দুগৰাকী সমবয়সীয়া বন্ধুই।।।
ফুটি উঠিছে গাঁৱৰ বোকা-পানীৰ
সেই সজীৱ স্মৃতিবোৰ,
কুমলীয়া মনত ওপজা
থৌকি-বাথৌ উন্মাদনাবোৰ।।
ফুটি উঠিছে বিশ্বভ্ৰাতৃত্বৰ
এক জীৱন্ত দলিল,
ৰং- বিৰঙৰ তুলিকাৰে প্ৰাণ পাই উঠা
মোৰ সেই সপোনৰ আলোকচিত্ৰ।।
কিন্তু হায়!!!!!
যান্ত্ৰিকতাৰ তীব্ৰ ধামখুমীয়াত
হেৰাই গ'ল মোৰ 
হৃদয় দেৱালত আঁৰি থোৱা
সেই আলোকচিত্ৰৰ মাদকতা।।
আঁতৰি গ'ল ভাতৃত্ব
হেৰাই গ'ল সপোনৰ শৈশৱ
জীৱনে কান্দে মাথোঁ
হায় হায়।।।

✍️ অলকেশ কাকতি  
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)