মানুহজন অতিকৈ সাধাৰণ
সৰু সৰু কাম কৰে
চকুত নল'গা
হাতত দা এখন
কান্ধত মোনাখন
ওলমি থাকে
আগদালি
কেইদাল মান খামুছি
নিৰন্তৰ গতি কৰে
কটুৰ ফালে চাই চাই
গোজি থৈ আহে
প্ৰতিদিনে মাহে মাহে
হিম চেচা শীত কিম্বা
ভীষণ ৰৌদ্ৰৰ তাপ
পৰিস্থিতি যিমানে
প্ৰতিকুল নহওক কিয়
পোন বাটৰে বাট বুলি
দীঘলীয়া যাত্ৰা অবিৰাম
কলিজাৰ একোণত এটুকুৰা
কেঁচা ঘাঁ লৈ থাকে
ক্ষোভিত নিজে আজি
নিজৰে ওপৰত মানুহজন
অতিমাত্ৰা তাপ সহ্য কৰিব
নোৱাৰি সৰ্পজাতিৰ মৃত্যু !!
সংকল্পবদ্ধ হ'ল সিদিনা
পণ ললে আগবাঢ়ি যাব
বহুত হ'ল আৰু নহ'ব!
গছ থাকিলে বাঘ ঘোং থাকিব
সৰ্পজাতিও বাছিব
কাৰ্বন -ডাই -অক্সাইড সেৱন কৰি
গছে প্ৰাণবায়ু ঘুৰাই দিব আমাক
কথাষাৰ সাৰোগত কৰি
পিছলে ঘুৰি নোচোৱা
মানুহজন আজি মেক্সিকো চহৰত
মুখ্য অতিথি অসম সন্তান
"পদ্মশ্ৰী যাদৱ মূলাই পায়েং"
শ্ৰোতা আজি পৃথীৱিলোক
সেউজীয়া সৰগ কেনেকে ৰচনা কৰে
খালি হাতেৰে মৰুদ্যান নেওচি!!
উদাহৰণ মলাই কাঠনি, মাজুলী !!
✍️দুলাল চন্দ্ৰ দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ