খিৰিকীত নিৰ্বাচন
মিথ্যাচাৰ পাচন
শান্তক দমন, দুষ্টক পালন।
কিনো সাম্প্ৰতিক, কিয়েই বা অতীত!
বগা কুৰ্তা, হালধীয়া সাংবাদিক।
জনতা বছা মাছ,
নেতাবোৰ হেঁতা।
বিপ্লৱীৰ পেটা
অখ্যাত 'নোটা'
নেতাৰ ৰঙা জোতা।
কতবোৰ নতুন খেলুৱৈ
বেট এজনৰ
সিজনে নেখেলা হ'লে বন্ধ খেলা,
প্ৰাক্-নিৰ্বাচনী মেলা।
চৰৰ বালি, নৈৰ পাৰ
পাৰ্থক্যৰ হাহাকাৰ।
জ্ঞানীৰ 'ফাম্বল'
তৰ্কত নাই সাৰ
সভাপতি-সভানেত্ৰী একাকাৰ।
নিৰ্বাচনৰ বতৰ
ভাল হ'লে ভাল।
ভৰ পূজাৰ বৰষুণ বৰ জঞ্জাল;
নষ্ট হয় যুৱতীৰ লয়-তাল।
সুযোগ্য(?) নেতাৰ মুখ সদা ফৰকাল।
✍️আকাশ দাস
নলবাৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ