(১)
মই ক্ৰমশঃ মৰি গৈছোঁ,
কথাবোৰ কোৱাই নহ'ল।
বন্দীত্বৰ চকুলোতকৈ মৃত্যুকেই শ্ৰেষ্ঠ বুলি
আজি অকপটে মই মানি লৈছোঁ।
কথাবোৰ পাহাৰটোৰ বুকুত গুঁজি থৈ আহিছোঁ।
মনিব নোৱাৰা দূৰত্বৰ পৰা চকুত পৰাকৈ,
বৰষুণজাকত কথাবোৰ লহপহকৈ বাঢ়িব।
(২)
দেখাবোৰকে দেখিয়েই আহিছো,
শুনাবোৰকে শুনিয়েই আহিছো,
ককাৰ মুখতো, দেউতাৰ মুখতো।
মিছা প্ৰতিশ্ৰুতিবোৰত পঙ্গু হৈ
মইয়ো মৰিয়েই আছিলোঁ।
উশাহ লৈ মৰি থকাতকৈ,
সাধুকথা হৈ জীয়াই থকাই শ্ৰেষ্ঠ।
(৩)
তৃপ্তিনো কি কথা,
সকলো জিভাৰহে মায়া।
কোনোবাই মাছ-মাংসত পোৱা তৃপ্তি
এজেবা নিমখ, এটা কেঁচা জলকীয়াতেই পাওঁ।
বোলছবিৰনো কিহৰ দৰকাৰ,
নিজৰ ঘৰখনৰহে কথা।
(৪)
বসন্তৰ প্ৰেমিক হৈ
ফাগুনৰ কৃষ্ণচূড়াজোপাক বেয়া পাব নোৱাৰোঁ।
সেইবুলি বানপানীৰ বাবেই
নদীখনৰ পৰাও আঁতৰি যাব নোৱাৰোঁ।
বিচাৰোঁতে নোপোৱাটোক দুখ বুলি নাভাবি,
থকাটোতে সুখ বিচাৰি পাইছোঁ।
✍️জক্ পাই ।
আগ্ৰা, উত্তৰ প্ৰদেশ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ