ভাৰতীয় মুছলমান আধুনিকতাবাদী আৰু প্ৰত্যাশা~প্ৰবন্ধ- হাফিজ বায়েজীদ বোস্তামী

     ৰামচন্দ্র গুহ তেখেতৰ মেকাৰ্চ অৱ মডার্ন ইণ্ডিয়া পুস্তিকাত হামিদ দালোৱাইক ভাৰতৰ ‘শেষ আধুনিকতাবাদী’ হিচাপে আখ্যা দিছে। অধিকাংশ ভাৰতীয়ৰ দৃষ্টিত এই নামটি অপৰিচিত। ১৯৩২ চনত তেখেতৰ জন্ম হয় এক শ্রমজীৱি মুছলমান পৰিয়ালত আৰু ১৯৭৭-চনত তেখেতৰ মৃত্যু হয়। দালোৱাইৰ মুখ্য উদ্দেশ্য আছিল ভাৰতীয় মুছলমান সকলৰ গণতন্ত্র আৰু আধুনিকতাৰ প্রতি মনোভাৱ পৰিৱর্তন কৰা। ১৯৭০ চনত তেখেতে মুছলমান সত্যশোধক সমাজ প্রতিষ্ঠা কৰে। এই নতুন সংগঠন মুছলমান মহিলা সকলৰ অধিকাৰ্থে উন্নয়নত ব্রতী হৈছিল। এই সংগঠন প্রয়াসৰ মাজত আছিল আইন আৰু প্রথাৰ মাধ্যম হিচাপে আছিল তিনি তালাখ প্রথাৰ অৱলোপ কৰা। তেখেতে সমগ্ৰ ভাৰতীয় জনগনৰ বাবে অভিন্ন দেৱানি বিধিৰো প্রৱক্তা আছিল। তেখেতেই সত্যিকাৰৰ ধর্মনিৰপেক্ষ আৰু গণতান্ত্রিক দেশৰ নাগৰিক হিচাপে মানুহৰ জীৱনত সাম্প্রদায়িক ভেদাভেদ দূৰ কৰিব বিচাৰিছিল। 
         দালোৱাইৰ লিখিত ‘ইতিহাসৰ বোঁজা’ (১৯৬৮) নামক প্ৰৱন্ধটি আজিৰ দিনত অতিকৈ প্ৰাসংগিক। বর্তমান অনুদাৰ গণতান্ত্রিক পৰিৱেশত এই প্রৱন্ধটি ভাৰতীয় হিন্দু আৰু মুছলমান এই দুটা সম্প্রদায়ৰ বাবে বিশেষ স্মৰণীয়। “কোনো ব্যক্তি অথবা সমাজৰ ভৱিষ্যৎ গঢ়াৰ বাবে সুযোগ সদায় নাহে। দেওবন্দৰ উলামা সকলৰ চাপত পৰি নতি স্বীকাৰ কৰি হিন্দুসকলৰ সৈতে একেটা যোগত ইংৰাজী শিক্ষাৰ মাধ্যমত আধুনিকতাক গ্রহণ কৰাৰ প্রথম সুযোগ মুছলিম সমাজে হেৰুৱাই পেলাইছিল। কিছু দিন পাছত ইতিহাঁসে তেওঁলোকক আন এক সুযোগ কৰি দিয়ে। সেয়া হ'ল ভাৰতীয় জাতীয়তাক বলীয়ান কৰিবলৈ হিন্দুসকলৰ সৈতে ভৰি দিয়ে। কিন্তু, হিন্দু আৰু মুছলমান সমাজ যে স্বতন্ত্র আৰু সমান্তৰাল, এই ধাৰণাৰ বশৱৰ্তী হৈ তেওঁলোকে সেই সুযোগো হেৰুৱাই পেলায়।”
     তেখেতে ভাৱিছিল, ই এক দুঃখৰ বিষয় যে, “ভাৰতৰ মুছলিম যুৱ সমাজত যুক্তিবাদী আত্মসমালোচক শ্রেণীৰ অস্তিত্ব নাই। হিন্দু সাম্প্রদায়িকতা যদি মুছলমান সাম্প্রদায়িকতাৰ কাৰণ হয়, তেনেহ'লে এনেদৰে মুছলমান সাম্প্রদায়িকতা হিন্দু সাম্প্রদায়িকতাৰ বাবে দায়ী।” এই বিৰল সংস্কাৰকৰ মতে, মুছলিম বুদ্ধিজীৱি এতিয়াও সমান্তৰাল সমাজৰ ধাৰণা পৰিহাৰ কৰিব পৰা নাই, ৰাজনীতিৰ পৰা ধর্মক পৃথক কৰিবলৈয়ো শিক্ষা দিয়া নাই। তেওঁলোকৰ দৃষ্টিত ‘মুক্তি’ৰ ধাৰণা হ'ল ভাৰতীয় মুছলিম সমাজ বিষয়ক অপৰিৱর্তিত ৰখা। এই কাৰণেই ভাৰতৰ মুছলিম সমাজৰ একাংশই বর্তমান পৰিস্থিতিত মুছলিমত্বক এটি মৌলিক জাতিৰ দৰে অপৰিৱর্তনীয় ৰখাৰ চেষ্টা কৰে। যদিও আশা কৰিব পাৰি, ভাৰতীয় মুছলিম সমাজৰ নৱ প্রজন্মৰ ওপৰতেই। তেওঁলোকে এই চ্যালেঞ্জক মোকাবিলা কৰিবনে? দালোয়াই ভাৱিছিল, ইয়াতেই আছে ভাৰতীয় মুছলমান সমাজৰ মুক্তি আৰু আধুনিকীকৰণৰ তৃতীয় শেষ সুযোগ। তেওঁলোকৰ সমস্যাৰ কার্যকৰী সমাধানৰ একমাত্র উপায় হ'ল ইতিহাঁসৰ সংস্কাৰবোৰক সম্পূর্ণ ভাৱে পৰিহাৰ কৰা। ইতিহাঁস আৰু ঐতিহ্যপ্রসূত ভ্রান্ত ধাৰণাৰ পৰা মুক্ত হ'লেই তেওঁলোকে মানৱিক মূল্যবোধৰ প্রতি অঙ্গীকাৰবদ্ধ তথা মুক্ত আধুনিক মননৰ ধাৰণাত উপনিত হ'ব পাৰিব।
       সার্বজনীন ভাৰতীয় জাতীয়তাৰ বাবে মুছলমান সমাজক ভাৰতৰ ধর্মনিৰপেক্ষ সমাজৰ অঙ্গীকাৰবদ্ধ হ'ব লাগিব। “এই লক্ষ্যত উপনিত হ'বলৈ প্ৰয়োজন হ'ব সর্বাঙ্গে আধুনিক, উদাৰ আৰু ধর্মনিৰপেক্ষ এক ক্ষুদ্ৰ শ্রেণীৰ গঠন কৰা। আমাৰ দৰে মানুহে এনে চেষ্টা চলোৱাটোৱেই কাম্য। আমি বিশ্বাস কৰো যে, ধর্মই কোনো আদর্শ সমাজৰ ভিত্তি হ'ব নোৱাৰে। ইয়াৰ অর্থ, হিন্দু অথবা মুছলমান কোনো ধর্মই আদর্শ সামাজিক বিন্যাসৰ উপকৰণ হ'ব নোৱাৰে। আমি বিশ্বাস কৰো যে, সংখ্যালঘু সম্প্রদায় হিচাপে মুছলমান সমাজ সমান অধিকাৰ আৰু সুযোগৰ দাবী কৰিব পাৰে। কিন্তু, তেওঁলোকে বিশেষ মর্যাদা আৰু সুবিধা দাবী কৰিব নোৱাৰে। আমি বিশ্বাস কৰো যে, কাশ্মীৰ ভাৰতৰ অঙ্গ; ভাৰতীয় ভূ-খণ্ডত প্রত্যেক পাকিস্তানী আগ্রাসনক বলিষ্ঠ প্রত্যাঘাতৰ মাধ্যমত জবাব দিব লাগিব।”
           আন এক গুৰুত্বপূর্ণ কথা কৈছিল দালোয়ায়ে। “হিন্দু জাতীয়তাবাদী সকলৰ মুছলিম সাম্প্রদায়িকতাক মোকাবিলা কৰাৰ চেষ্টাক আমি আত্মঘাতী বুলি ভাৱো। হিন্দু সকলে অধিক মাত্রাত সামাজিক উন্নতি অথচ আধুনিকীকৰণ অর্জন কৰিলেই মুছলিম সাম্প্রদায়িকতাক পৰাজিত কৰিব পাৰিব। হিন্দু সকলে অ-স্বচ্ছ আৰু আৰু ধৰ্মীয় গোঁড়ামী কৰিবলৈ দিলে মুছলিম সাম্প্রদায়িকতাক কোনো দিনাই দূৰ কৰা নাযাব। আমি হিন্দু অথবা মুছলমান আটাইবোৰ ধর্মৰেই মধ্যযুগীয় গোঁড়ামীৰ বিৰুদ্ধে।” আজিৰy পৰিপ্রেক্ষিত এই কথা অত্যন্ত প্রাসঙ্গিক। ভাৰতীয় সমাজৰ গৰিষ্ঠ হিন্দুসকলৰ অগ্রগতি আৰু শক্তিবৃদ্ধি হ'লেই দেশৰ অন্যান্য সমাজো উন্নতিৰ পথত আগুৱাই যাব। দালোয়াইৰ সতর্কবার্তা এই প্রসঙ্গটিত স্মৰণীয়: “আমি উন্মাদ কণ্ঠেৰে ক'ব বিচাৰো যে, হিন্দুসকলে যদি ধর্মক ভালকে ধৰি ৰাখিব বিচাৰে তেনেহ'লে তেওঁলোকে মুছলমান সকলৰ গোঁড়া বিশ্বাসৰ নিগূড়ৰ পৰা মুক্ত কৰিব নোৱাৰিব। সেয়েহে মুছলমান সকলৰ আধুনিকীকৰণ হিন্দু সকলৰ আধুনিক হোৱাৰ ওপৰতেই নির্ভৰশীল।”
          প্ৰকৃতপক্ষে, কোনো এক সমাজৰ পৰা ইতিহাঁসসৃষ্ট কু-সংস্কাৰ আৰু শত্রুতাৰ পৰা সমাজক মুক্ত কৰাৰ ব্যাপাৰটি অধিক কঠিন যদিও সেয়াই কিন্তু আৱশ্যক। কোনে কেনেদৰে সেয়া কৰি গৈছে, তাৰ ওপৰতেই সমাজৰ গতি নির্ভৰ কৰে। ভাৰতীয় মুছলমান সমাজে যিমান সোনকালে সেয়া অনুধাৱন কৰিব। সিমানেই তেওঁলোকৰ মঙ্গল হ'ব বুলি কয় গৈছিল হামিদ দালোয়ায়ে।

✍️হাফিজ বায়েজীদ বোস্তামী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send