কৃষি কৰ্মত জড়িত লোকসকলৰ খেতিপথাৰত সামুহিক ব্যস্ততা, বিৰামহীন যাত্ৰা এয়া। বানপানীৰ কবলৰ পৰা ৰক্ষা পোৱা সকলে আশাৰ ৰেঙনি দেখিছে , ইচ্ছা কেৱল সোণগুটিৰে নিজৰ মাটিডৰা উপচাই পেলাব। কৰোণাৰ সংকট কালত যুৱচামে নিজকে নিয়োজিত কৰি আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। সাম্প্ৰতিক সময়ত কৰোণাৰ বাবে বহু লোকে কৰ্মসংস্থাপন হেৰুৱাই পেলাইছে যাৰ বাবে স্বনিয়োজনৰ উপায় বিচাৰি নিজকে আত্মনিয়োগ কৰিছে।
তথাপিও তেওঁলোক আজিও আৰ্থিক ভাৱে জুৰুলা আৰু বিপদাপন্ন। কষ্টৰ ফলেৰে নিজৰ লগতে পৰিয়ালবৰ্গৰ অভাৱ পূৰণ কৰিব পৰা নাই কিয় ?
তেওঁলোকৰ কষ্টকৰ জীৱনৰ মূল্য পৰিশোধ কৰিবলৈ কিয় অপ্ৰস্তুত!
যাৰ দুই হাতে আমাৰ সকলোকে নিজৰ নিজৰ দুবেলা দুমুঠি যোগান ধৰি আহিছে।
✍️হিৰণ্য ডেকা
বুদ্ৰুকুছি, নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ